আগন্তুক ১ এপ্ৰিল বুধবাৰে নিশা ৮ বাজি ১৯ মিনিটত যুৱৰাজ গ্ৰহই বুধত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ ১৩ এপ্ৰিল পৰ্যন্ত বুধ তাতেই থাকিব৷ বৈদিক জ্যোতিষ অনুসৰি বুধ জ্ঞান, বুদ্ধি, বাচন ক্ষমতা আৰু ব্যৱসায়ত সাফল্যৰ কাৰক গ্ৰহ৷ বুধৰ নক্ষত্ৰ পৰিবৰ্তন চাৰি ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক হব৷ আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰ আৰু শিক্ষা সকলো ক্ষেত্ৰতে সাফল্য পাব এই চাৰি ৰাশিৰ জাতকে৷ জানি থওক বৃহস্পতিৰ ঘৰত বুধৰ প্ৰৱেশৰ বাবে লাভৱান হব কোন কোন?
বৃষ ৰাশি
বৃহস্পতিৰ নক্ষত্ৰত বুধৰ পুনঃপ্ৰৱেশ বিশেষ লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ ১ এপ্ৰিলৰ পৰা এই ৰাশিৰ জাতকৰ সন্মুখত উন্নতিৰ দুৱাৰ খুলি যাব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে৷ সহকৰ্মীসকলৰ সমৰ্থন আপোনাৰ কাষত থাকিব৷ মন শান্ত থাকিব৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব৷
তুলা ৰাশি
বুধৰ গোচৰ নানান দিশৰ পৰা লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ ক্ৰিয়েটিভিটি বাঢ়িব৷ আত্মবিশ্বাসৰ সৈতে সকলো কাম কৰিব তুলা ৰাশিৰ জাতকে৷ চাকৰি বিচাৰি থকাসকলে এই সময়ত উল্লেখযোগ্য সাফল্য পাব পাৰে৷ দক্ষতা আৰু বুদ্ধিৰে আপুনি নিজকে অন্যসকলৰ পৰা পৃথকভাৱে তুলি ধৰিব পাৰিব৷
ধনু ৰাশি
পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত বুধৰ গোচৰে ধনু ৰাশিৰ জাতকৰ বাবে বেছ পজিটিভ পৰিবৰ্তন আহিব৷ সামাজিক মৰ্যাদা আৰু প্ৰতিপত্তি বাঢ়িব৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব ছাত্ৰছাত্ৰীসকলে৷ ব্যৱসায়ত বৃহৎ সিদ্ধান্ত ল’ব পাৰে৷ পৰিয়ালত নতুন কামৰ দায়িত্ব আপোনাৰ ওপৰত পৰিব৷
মকৰ ৰাশি
বৃহস্পতিৰ নক্ষত্ৰত বুধৰ গোচৰে শুভ প্ৰভাৱ কঢ়িয়াই আনিব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব৷ হঠাৎ কিছু পজিটিভ পৰিবৰ্তন আপোনাৰ জীৱনলৈ আহিব৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব৷ ছাত্ৰছাত্ৰীসকলৰ বাবেও এই সময় লাভজনক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















