ভাৰতে টি-২০ বিশ্বকাপ জিকিছে দেওবাৰে নিশা৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ হাৰ্দিক পাণ্ডিয়াৰ কিছু ছবি খুবেই ভাইৰেল হৈ পৰিছে৷ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম জুৰি মাহিকা শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ উদযাপনৰ ছবি দেখা গৈছে৷ ক্ৰিকেটতাৰকাই নিজেই জনাইছে যে মাহিকা জীৱনলৈ অহাৰ পাছৰে পৰা তেওঁৰ ভাল জীৱন আৰম্ভ হৈছে৷ মাহিকাক কথায় কথায় স্ত্ৰীৰ আখ্যাও দিছে তেওঁ৷ তেওঁলোকৰ বিবাহ হৈছে নে নাই তাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও হাৰ্দিক বিশ্বকাপ জিকাৰ নিশাই মাহিকাক পত্নী বুলিও কথাৰ মাজত প্ৰকাশ কৰিছে৷ ৩৩ বছৰীয়া হাৰ্দিকৰ সৈতে মাহিকাৰ বয়সৰ প্ৰায় ৮ বছৰৰ পাৰ্থক্য আছে৷ নামী মডেল মাহিকা, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান সেয়া জানিবলৈকো বহুতেই এতিয়া ছাৰ্চ কৰা পৰিলক্ষিত হৈছে৷
২০২৪ চনৰ বিশ্বকাপ জয়ৰ পাছত ব্যক্তিগত জীৱনত নানান উত্থান-পতনৰ মাজেৰে আগুৱাইছে হাৰ্দিক৷ নাতাশা স্তঙ্কোভিচৰ সৈতে বিবাহবিচ্ছেদৰ পাছত মাহিকাৰ সৈতে সম্পৰ্কত সোমাই পৰিছে তেওঁ৷ বিশ্বজয়ৰ পাছতো তেওঁৰ মুখত সেই কঠিন সময়ৰ কথা প্ৰকাশ পাইছে৷ কঠিন সময় পাৰ হৈ ভাল সময়ৰ মুখ দেখাৰ এই সময়ত তেওঁৰ কাষে কাষে থকাৰ বাবে বিশেষ কৃতজ্ঞতা জনাইছে মাহিকাক৷
২০২৫ চনৰ শেষৰভাগত মাহিকাক বিভিন্ন স্থানত দেখা গৈছিল হাৰ্দিকৰ সৈতে৷ মাহিকা পেছাত মডেল৷ নামী দামী নানান সংস্থাৰ হৈ কামো কৰিছে৷ মাহিকাও খেলাধূলাত কম নহয়৷ তেওঁ মাৰ্ছেল আৰ্টত ব্লেক বেল্ট বিজয়িনী৷ ইয়াৰোপৰি তেওঁ পেছাদাৰ যোগ প্ৰশিক্ষক৷ পিতৃ নাবিক হোৱাৰ বাবে দ্বাদশ শ্ৰেণী পৰ্যন্ত দেশৰ বিভিন্ন স্থানত ঘূৰি ফুৰি পঢ়াশুনাও কৰিছে৷ দ্বাদশৰ ফাইনেল পৰীক্ষাত ৯৪ শতাংশ নম্বৰো পাইছে৷ ইয়াৰ পাছতেই পণ্ডিত দীনদয়াল বিশ্ববিদ্যালয়ৰ পৰা মনস্তত্ত্ব বিভাগত পঢ়াশুনা কৰিছে৷ দীৰ্ঘদিন গুজৰাটৰ গ্ৰামাঞ্চলৰ নাৰীসকলক শিক্ষা দিয়াৰ ক্ষেত্ৰত তেওঁ কাম কৰি আছে৷ একাধিক আন্তৰ্জাতিক খ্যাতিসম্পন্ন আলোচনীৰ প্ৰচ্ছদতো দেখা গৈছে তেওঁক৷ মাহিকাৰ বিপৰীতে হাৰ্দিক কিন্তু পঢ়াশুনাত খুবেই কেচা৷ তেওঁ ক্লাছ নাইনৰ পাছতেই ক্ৰিকেটত মনোনিৱেশ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















