হাৰ্টথ্ৰববিহীন ছমাহ। সুৰীয়া সৃষ্টিৰে আজিও হৃদয়ত জীৱন্ত জুবিন গাৰ্গ। আজি জুবিনৰ ছমহীয়া তিথি। কিন্তু জুবিনৰ ন্যায়ৰ অপেক্ষাত আজিও ৰৈ আছে পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী। এই দিনটোত পত্নী গৰিমাই মৰমৰ গ’ল্ডিলৈ ৰান্ধিছে সকলো প্ৰিয় ব্যঞ্জন। ফুলকবি, বিলাহি, শাক, আলুৰ সৈতে কচ মাছ ৰান্ধিছে জুবিনলৈ।
এই বিশেষ দিনটোত জুবিনলৈ মনত কৰি হুকহুকাই কান্দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমাই কয়, ” প্ৰতিদিনেই তেওঁৰ বাবে মই এইদৰে ৰান্ধো। যেতিয়া মই খাদ্য প্ৰস্তুত কৰি থাকো, তেতিয়া এনেকুৱা লাগে যে তেওঁ মোৰ ওচৰলৈ আহিব।”
আনহাতে ছমহীয়াৰ দিনটোতে জুবিনে যদি ন্যায় নাপায় কোনে ন্যায় পাব বুলিও প্ৰশ্ন কৰে গৰিমাই । ইফালে জুবিনে পুত্ৰৰ দৰে জ্ঞান কৰা অৰুণ গাৰ্গে ছমহীয়া তিথিত তেওঁক সুঁৱৰি আৱেগিক হৈ পৰে। অৰুণে কয়, ‘আজি প্ৰায় ছমাহেই হ’ল দাদা নোহোৱা হোৱা। দাদাক ন্যায় দিবলৈ কিয় ইমান দেৰি লাগিছে? মই একো বুজিয়েই পোৱা নাই।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ












