মেথিউ এৰন ভেনডাইক কোন আৰু সমগ্ৰ বিষয় কি?
- এনডিটিভিৰ মতে, মেথিউ এৰন ভ্যানডাইকে নিজকে এজন নিৰাপত্তা বিশ্লেষক, যুদ্ধ সংবাদদাতা আৰু তথ্যচিত্ৰ নিৰ্মাতা বুলি বৰ্ণনা কৰিছে। ২০১১ চনৰ লিবিয়াৰ গৃহযুদ্ধৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে বিদ্ৰোহী যোদ্ধাৰ সৈতে যুঁজি পদকো লাভ কৰিছিল। সেই সময়ছোৱাত তেওঁ কাৰাগাৰতো আছিল। বিশ্ববিদ্যালয় সম্পূৰ্ণ কৰাৰ পিছত তেওঁ উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ মাজেৰে দীঘলীয়া মটৰ চাইকেল ভ্ৰমণত নামি পৰে৷ য’ত তেওঁৰ স্থানীয় লোকৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তোলে। লিবিয়া বিপ্লৱৰো তেওঁ অংশীদাৰ আছিল৷
- লিবিয়াত পোৱা অভিজ্ঞতাৰ পিছতে ভ্যানডাইকে “ছন্স অৱ লিবাৰ্টি ইণ্টাৰনেশ্যনেল” নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে মেথিউ এৰন ভেনডাইকে৷ যিয়ে বিশ্বৰ বিভিন্ন সংঘাতপূৰ্ণ অঞ্চলত স্থানীয় সশস্ত্ৰ গোটক প্ৰশিক্ষণ দি আহিছে। তদন্তকাৰী সংস্থাসমূহৰ মতে, তেওঁ গেৰিলা যুদ্ধ, ড্ৰ’ন অপাৰেচন, জেমিং কৌশল, আধুনিক যুদ্ধ কৌশল আদিৰ প্ৰশিক্ষণ দি আহিছে। তেওঁৰ ছ’চিয়েল মিডিয়া আৰু ডিভাইচৰ তথ্যই ইংগিত দিয়ে যে তেওঁ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ সৈতে জড়িত হৈ আছে আৰু নিজকে এজন ফ্লিলেন্স সামৰিক প্ৰশিক্ষক বুলি গণ্য কৰে।
- NIAৰ তদন্তত এই কথাও প্ৰকাশ পাইছে যে, ভেনডাইক আৰু তেওঁৰ সহযোগীসকলে কেইবাবাৰো ম্যানমাৰ ভ্ৰমণ কৰিছে আৰু তাত থকা গোটসমূহক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ সংস্থাটোৱে দাবী কৰিছে যে তেওঁলোকে ইউৰোপৰ পৰা ম্যানমাৰলৈ ড্ৰ’ন আৰু অন্যান্য সঁজুলি পৰিবহণতো জড়িত আছিল।ভাৰতৰ উত্তৰ-পূব অঞ্চলকে এই অভিযানৰ এটা মূল কৰিড’ৰ হিচাপে লৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















