বলীউডৰ এনে বহুতো কাহিনী আছে, যিবোৰ আমি সহজে বিশ্বাস কৰিবলৈ টান পাও! বলীউডৰ জগতখনত বহুতো ক’লা অধ্যায় জড়িত হৈ আছে। বিগত ২০ বছৰ ধৰি ছবিত সক্ৰিয় হৈ থকা প্ৰখ্যাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰি আহিছে। ২০০৩ চনত ছানী দেউল আৰু প্ৰীতি জিন্টাৰ সৈতে অনিল শৰ্মাৰ ছবি “দ্য হিৰো: লাভ ষ্ট’ৰী অৱ এ স্পাই”ৰ জৰিয়তে বলীউডত অভিষেক ঘটায়।
যদিও প্ৰিয়ংকাই “দ্য হিৰো”ত দ্বিতীয় নায়িকা হিচাপে অভিনয় কৰিছিল, তথাপিও ছবিখনৰ বক্স অফিচৰ প্ৰবল সঁহাৰিয়ে তেওঁক উপকৃত কৰিছিল। এই ছবিখনৰ পিছত প্ৰিয়ংকাই অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰা “আন্দাজ” ছবিখনত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰে। এই ছবিখনেও বক্স অফিচত সফলতা লাভ কৰিছিল।
“আন্দাজ” ছবিখনত অক্ষয় আৰু প্ৰিয়ংকাৰ যুটিয়ে সমাদৰ লাভ কৰিছিল আৰু তাৰ পিছত তেওঁলোকৰ অভিনয়ৰে আন এখন ছবি “এতৰাজ” ছবিগৃহত মুক্তি পাইছিল। এই ছবিখনো বক্স অফিচত সফলতা লাভ কৰিছিল।
এবাৰ প্ৰিয়ংকাই “দ্য অনুপম খেৰ শ্ব'”ত দিয়া এক সাক্ষাৎকাৰৰ সময়ত কয়, “ৰাকেশ ছাৰে মোক কাৰোবাৰ অন্ত্যেষ্টিক্ৰিয়াত দেখিছিল, আৰু তেওঁ মোক ফোন কৰিছিল। তেওঁ কৈছিল, ‘মই তোমাক এটা অন্ত্যেষ্টিক্ৰিয়াত দেখিছিলো, তুমি ইমান ধুনীয়া। মই ক’লোঁ, ‘এক্সকিউজ মি?’। মই বগা চালৱাৰ কামিজ পিন্ধিছিলো, মেকআপ নাছিল।” কিন্তু ৰাকেশ ৰোশন ছাৰে যেতিয়া ‘এতৰাজ’ত অভিনয় চাব বিচাৰে বুলি ক’লে, তেতিয়া মনটো বৰ ভাল লাগিল। আচলতে ৰাকেশ ৰোশন ছাৰে সেই সময়ত তেওঁৰ ‘Krish’ ছবিৰ বাবে অভিনেত্ৰীও বিচাৰি আছিল। তেতিয়া ”
প্ৰিয়ংকাই আৰু কৈছিল ৰাকেশ ৰোশনে তেওঁৰ ছবিৰ যিকোনো অংশটো চাব বিচাৰিছিল, সেয়েহে অনুৰোধ কৰিছিল। সেই ছবিৰ অভিনয় দেখি ৰাকেশ ৰোশনে মোক ‘Krish’ত অভিনয় কৰিবলৈ সুবিধা প্ৰদান কৰিছিল বুলিও কয় প্ৰিয়ংকা চোপ্ৰাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















