৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। শাসক-বিৰোধী সকলোৱে দাখিল কৰিলে মনোনয়ন। এতিয়া নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা।
কোটি কোটি জনতালৈ হিমন্ত বিশ্ব শৰ্মাই দিছে 8টা প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে অহাবাৰ ২ লাখ ল’ৰা-ছোৱালীয়ে চৰকাৰী চাকৰি দিব বুলি। তেওঁ কয়, মোৰ বাউণ্ডেৰী মাৰি ভাল নালাগে, একেবাৰে ছিক্সাৰ মাৰি দিওঁ। অহাবাৰ লাখ লাখ মহিলাক ২৫হাজাৰকৈ টকা দিয়া হ’ব আৰু সকলোকে ঘৰ-অৰুণোদয় দিয়া হ’ব।
কেৱল সেয়াই নহয়, প্ৰতিটো পৰিয়ালৰ খৰচ বহনৰো বিজেপি চৰকাৰে দিলে প্ৰতিশ্ৰুতি। তেওঁ কয়, “এইবাৰ দাইল,চেনী,নিমখৰ লগতে মিঠাতেল ফ্ৰী দিয়া হ’ব।” পূৰ্বেও দৰিদ্ৰ সীমা ৰেখাৰ তলৰ সকলো লোককে বিজেপি চৰকাৰে ঘৰ, চাউল-দালি আদি দিছিল। কিন্তু এইবাৰ মিঠাতেল দিও তেওঁলোকে সহায় কৰিব বিচাৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলো ল’ৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰে। তেওঁ ভাষণৰ মাজতে কয়, “এইবাৰ সকলো ল’ৰা-ছোৱালীয়ে বিনামূলীয়াকৈ পঢ়া-শুনা কৰিম। স্কুলৰ পৰা-ইউনিভাৰ্চিটিলৈকে পঢ়োৱাৰ দায়িত্ব আমি ল’ম অসমৰ সকলো ল’ৰা-ছোৱালীকে চাইকেল দিয়া হ’ব।” ইয়াৰ লগতে চাহ বাগিচাৰ লোকক ঘৰ বনাবলৈ ডেৰ লাখকৈ টকা দিয়া হ’ব বুলিও তেওঁ ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















