আপোনাৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বহুতো ডাঙৰ নিয়ম সলনি হ’ব। ইয়াৰ ভিতৰত বেংকিং, কৰ, ইন্ধন, আৰু ৰে’লৱেৰ সৈতে জড়িত পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত, যিয়ে আপোনাৰ পকেটত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। এই পৰিৱৰ্তনবোৰৰ কিছুমানে সকাহ দিব, আনহাতে আন কিছুমানে আপোনাৰ বোজা বৃদ্ধি কৰিব পাৰে। গতিকে, কি পৰিৱৰ্তন হ’ব আৰু ইয়াৰ প্ৰভাৱ কি হ’ব জানি লওঁ আহক।
নতুন আয়কৰ আইন
১ এপ্ৰিলৰ পৰা কৰ ব্যৱস্থাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’ব। বৰ্তমানৰ নিয়মসমূহ সৰল কৰি এই তাৰিখৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন। নতুন নিয়মৰ অধীনত এতিয়া “মূল্যায়ন বৰ্ষ” আৰু “বিগত বছৰ” শব্দ দুটাৰ ঠাইত কেৱল “কৰ বছৰ” ব্যৱহাৰ কৰা হ’ব।
১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ ৰেহাই
নতুন কৰ ব্যৱস্থাৰ অধীনত ১২ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় কৰমুক্ত হ’ব। ধাৰা ৮৭এৰ অধীনত ৰেহাই বৃদ্ধি কৰি মধ্যবিত্ত শ্ৰেণীক যথেষ্ট সকাহ প্ৰদান কৰিছে।
Form 16 ত পৰিৱৰ্তন
এতিয়া Form 16 আৰু Form 16Aৰ ঠাইত নতুন প্ৰ-পত্ৰ কাৰ্যকৰী হ’ব। ১৩০ নং প্ৰপত্ৰ আৰু ১৩১ নং প্ৰপত্ৰই ইয়াৰ ঠাই ল’ব, যাৰ ফলত কৰ দাখিল কৰাটো সহজ আৰু স্পষ্ট হ’ব। ইয়াৰ দ্বাৰা কৰদাতাসকলে সকাহ পাব।
PAN কাৰ্ডৰ বাবে কঠোৰ নিয়ম
এতিয়া পেন কাৰ্ড লাভ কৰিবলৈ কেৱল আধাৰ কাৰ্ডেই যথেষ্ট নহ’ব। আপোনাৰ জন্ম তাৰিখ পৰীক্ষা কৰিবলৈ দশম শ্ৰেণীৰ প্ৰমাণ পত্ৰ বা পাছপ’ৰ্টৰ প্ৰয়োজন হ’ব।
LPG, CNG আৰুPNG ৰ মূল্যৰ পৰিৱৰ্তন
১ এপ্ৰিলত এল পি জি চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা আছে। চিএনজি, পিএনজি, আৰু বিমান ইন্ধনৰ (এটিএফ) মূল্যও সংশোধন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিবহণ আৰু বিমান ভাড়াৰ খৰচ বৃদ্ধি পাব পাৰে। যিহেতু পশ্চিম এছিয়াত উত্তেজনাৰ বাবে বৰ্তমান গেছৰ যোগান ব্যাহত হৈ আছে, গতিকে এই হাৰৰ যিকোনো পৰিৱৰ্তন হ’লে তীক্ষ্ণ দৃষ্টি ৰখা হ’ব।
এটিএমৰ লেনদেন ব্যয়বহুল হ’ব
১ এপ্ৰিলৰ পৰা এটিএমৰ পৰা উলিওৱা ধন অধিক ব্যয়বহুল হ’ব। বিনামূলীয়া সীমাৰ পিছত এটিএমৰ পৰা ধন উলিয়ালে এতিয়া অতিৰিক্ত মাচুল লাগিব। নতুন নিয়ম অনুসৰি পাঁচটা লেনদেনৰ পিছত প্ৰতিটো লেনদেনত ২৩ টকা মাচুল লোৱা হ’ব। বিফল লেনদেনৰ বাবে ২৫ টকা পৰ্যন্ত চাৰ্জ লাগিব পাৰে।
নগদ ধন উলিওৱাৰ সীমা কম কৰা
কিছুমান বেংকে ডেবিট কাৰ্ডৰ নগদ ধন উলিওৱাৰ সীমা হ্ৰাস কৰিছে। বহু কাৰ্ডত এতিয়া মাত্ৰ ১ লাখ টকাৰ পৰিৱৰ্তে ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকা উলিওৱাৰ অনুমতি দিয়া হ’ব।
কঠোৰ ৰে’লৰ টিকটৰ নিয়ম
এতিয়া ৰে’লৰ টিকট বাতিলৰ নিয়ম কঠোৰ হ’ব। এখন ৰে’ল যাত্ৰাৰ আঠ ঘণ্টা পূৰ্বে বাতিল কৰিলে কোনো ধৰণৰ ধন ঘূৰাই দিয়া নহ’ব। নতুন ৰিফাণ্ড গাঁথনিৰ অধীনত আঠৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত বাতিল কৰিলে ৫০% ৰিফাণ্ড, ২৪ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত বাতিলৰ বাবে ২৫% কৰ্তন, আৰু ৭২ ঘণ্টাতকৈ অধিক পূৰ্বে কৰা বাতিলৰ বাবে প্ৰযোজ্য চাৰ্জ। সামগ্ৰিকভাৱে এই পৰিৱৰ্তনে প্ৰতিজন সাধাৰণ ব্যক্তিৰ পকেটত প্ৰভাৱ পেলাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















