ছানী লিয়নৰ নাম মানেই চৰ্চা। নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে অনুৰাগীৰ হৃদয় জয় কৰি আহিছে ছানীয়ে। কিছুদিনৰ পৰা অভিনেত্ৰীগৰাকীয়ে কোনো ছবিত অভিনয় কৰা নাই। কিন্তু বিভিন্ন ৰিয়েলিটি শ্ব’ত মাজে মাজে অংশগ্ৰহণ কৰি আছে ছানী লিয়নে।
ছানীৰ সদায় দুখ আছিল, ভাৰতৰ কোনেও তেওঁক অভিনেত্ৰী হিচাপে মূল্য দিয়া নাই। বৰঞ্চ বলীউডে তেওঁক কেৱল যৌনতাৰ ক্ষেত্ৰতহে অভিনয় কৰা বুলি চৰ্চা কৰিছিল। অৱশ্যে তেওঁ এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ প্ৰমাণ অনুৰাগ কাশ্যপৰ ছবি ‘কেনেডী’ত। কিন্তু সেই ছবিখন এতিয়া সহজ বলীউডৰ ছবি নহয়! গতিকে এই সকলোবোৰ কথা ভাবি চানীয়ে এইবাৰ দেশ এৰি যোৱাৰ পৰিকল্পনা কৰিছে। বলীউড নহয়, তেওঁ পোনে পোনে হলিউডলৈ উৰা মাৰিছে।
অনুৰাগ কাশ্যপৰ ছবি ‘কেনেডী’ত অভিনয় কৰি প্ৰশংসা লাভ কৰাৰ পিছত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ছানী লিয়নে। অতি সোনকালেই তেওঁক আমেৰিকাৰ একচন ছিৰিজত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ‘The Giant’ শীৰ্ষক এই হাই-প্ৰফাইল ধাৰাবাহিকখনত ছানীৰ অন্তৰ্ভুক্তিয়ে ইতিমধ্যে মনোৰঞ্জন জগতত এক হুলস্থুলৰ সৃষ্টি কৰিছে।
এই ছিৰিজখনত ছানীক ‘ৰিজাৰ্ভেচন শ্বেৰিফ কোৱানা ডিয়াৰলিফ’ৰ চৰিত্ৰত দেখা যাব। কেৰিয়াৰত আগতে কেতিয়াও এনেকুৱা লুক বা চৰিত্ৰত অভিনয় কৰা নাই। এই নতুন প্ৰত্যাহ্বানক লৈ নিজেই উৎসাহিত অভিনেত্ৰীগৰাকী। ছানীয়ে কয় যে, “এইটো মই আগতে কৰা সকলো কামতকৈ সম্পূৰ্ণ পৃথক। মোৰ বাবে নতুন ভূমিকাত ভৰি দিয়া বা সম্পূৰ্ণ নতুন পৰিৱেশত কাম কৰাটো সদায় ৰোমাঞ্চকৰ। মই মোৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰিছো আৰু আশা কৰিছো দৰ্শকেও ইয়াক উপভোগ কৰিব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















