চৰম উত্তেজনা এতিয়াও মধ্যপ্ৰাচ্যত৷ ডেডলাইন দিয়া হৈছিল ৪৮ ঘণ্টাৰ৷ সেই সময়সীমা শেষ হোৱাৰ পূৰ্বেই ইৰানক কাৰ্যত সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ অশ্লীল ধমকি দিলে আমেৰিকান প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ মঙ্গলবাৰে ছচিয়েল মিডিয়াত পোষ্ট কৰি ডোনাল্ড ট্ৰাম্পে লিখিছে, ‘আজি নিশা এটা সভ্যতাৰ মৃত্যু হ’ব৷’
ভূ-ৰাজনৈতিক বিশ্লেষকসকলৰ মতে হৰমুজ প্ৰণালীত ইৰানি অৱৰোধ তোলাক লৈ দুই পক্ষৰ তীব্ৰ সংঘাতৰ মাজত ট্ৰাম্পৰ এই মন্তব্য অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ আজি নিশাই ঘটিব পাৰে এনে কিছু,যিয়ে সলনি কৰি দিব পাৰে এই যুদ্ধৰ গতি প্ৰকৃতি৷
আমূল পৰিবৰ্তনৰ ইংগিত
ট্ৰাম্পে তেওঁৰ ছচিয়েল মিডিয়া বাৰ্তাত জনাইছে যে এই পৰিণতি তেওঁৰ কাম্য নহয়৷ তেওঁ বিচাৰে কোনো সভ্যতা সম্পূৰ্ণৰূপে ধ্বংস নহওক৷ কিন্তু পৰিস্থিতিয়ে আনি এনে স্থানত ঠিয় কৰাইছে যাৰ বাবে এয়া হ’বও পাৰে৷
তেওঁৰ মতে, ইৰানত ৰেজিম চেঞ্জ অৰ্থাৎ নেতৃত্বত আমূল পৰিবৰ্তন ঘটিলে সেই দেশত বৈপ্লৱিক পৰিবৰ্তন আহিব পাৰে৷ ট্ৰাম্পৰ মতে ই বিশ্বৰ ইতিহাসত অন্যতম গুৰুত্বপূৰ্ণ মোৰ ল’ব৷ তেওঁৰ দাবী, ইয়াৰ ফলত কেইবা দশকৰ দুৰ্নীতি আৰু মৃত্যুৰো অৱসান ঘটিব৷
অন্যহাতে হাঙ্গেৰি যাত্ৰালৈ যোৱা আমেৰিকান ভাইছ প্ৰেছিডেণ্ট জেডি ভেন্সে জনাইছে যে পশ্চিম এছিয়াৰ যুদ্ধ শেষৰ পথত৷ ইৰানত তেওঁলোকৰ সামৰিক লক্ষ্যৰ বহু পৰিমাণে অৰ্জন কৰিছে৷ ৱাছিংটনৰ হাতত ৰিমট কন্ট্ৰল প্ৰায় আহিছে বুলিয়েই দাবী আমেৰিকান ভাইছ প্ৰেছিডেণ্ট জেডি ভেন্সৰ৷
তেওঁ কয়, ‘বল এতিয়া ইৰানৰ কৰ্টত৷ আজি নিশা ৮ বজাৰ ভিতৰত আমি তেওঁলোকৰ জবাবৰ অপেক্ষাত আছো৷ লগতে তেওঁ জনাই যে আমেৰিকাই এতিয়া এনে এক বিশ্ব বিচাৰে য’ত তেল আৰু গেছৰ অবাধ সৰবৰাহ থাকিব৷ এতিয়া সকলোৱে অপেক্ষা কৰিছে এই চৰম আল্টিমেটামৰ জৱাব ইৰানে কেনেদৰে দিয়ে?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















