মধ্যপ্ৰাচ্যত ভয়াৱহ যুদ্ধ শেষ হোৱাৰ পথত নেকি? বুধবাৰে ডাঙৰ ঘোষণা কৰিছে মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ ইৰানক দিয়া ডেডলাইন শেষ হোৱাৰ মাত্ৰ কেইঘণ্টা পূৰ্বে আক্ৰমণৰ ৰাস্তাৰ পৰা আঁতৰি শান্তিৰ পথত খোজ দিছে মাৰ্কিন প্ৰেছিডেণ্টে৷
ডোনাল্ড ট্ৰাম্পে জনাইছে যে আগন্তুক দুই সপ্তাহৰ বাবে তেওঁ আৰু ইৰাণৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নচলায়৷ ইয়াৰ ফলত ৪০ দিন যুদ্ধৰ পাছত খুলি গৈছে ইৰান বনাম ইজৰায়েল আৰু আমেৰিকাৰ কূটনৈতিক আলোচনাৰ পথত৷ তেহৰানৰ পক্ষৰ পৰাও এই যুদ্ধবিৰতি মানি লোৱা হৈছে৷ আমেৰিকাৰ দাবী, হৰমুজ প্ৰণালীও খুলি দিবলৈ ৰাজী হৈছে ইৰান৷
ডোনাল্ড ট্ৰাম্পে জনাইছে যে ইৰানে দিয়া ১০ টা প্ৰস্তাৱক কাৰ্যকৰ বুলি ধাৰণা কৰাত আমেৰিকাই বৰ্তমান ইৰানৰ সেতু, বিদ্যুৎকেন্দ্ৰ আৰু অন্য অসামৰিক পৰিকাঠামোকো টাৰ্গেট কৰি আক্ৰমণ চলাব নোৱাৰিব৷ কূটনৈতিক প্ৰচেষ্টা জোৰদাৰ হলেও গ্ৰাউণ্ডৰ পৰিস্থিতি এতিয়াও অনিশ্চিত৷ ইৰানে যুদ্ধবিৰতি মানি লোৱাৰ কথা জনালেও উপসাগৰীয় অঞ্চলত এতিয়াও মিছাইল এলাৰ্ট জাৰি আছে৷ অন্যহাতে হোৱাইট হাউছে জনাইছে যে ইজৰায়েল যুদ্ধবিৰতিত সন্মত হৈছে৷
ইয়াৰোপৰি ১০ দফা দাবী মানি লোৱা হলে হৰমুজ প্ৰণালী খুলি দিয়া হব বুলি জনাইছে ইৰানে৷ ইৰানৰ ছুপ্ৰিম নেশ্ব্যনেল চিকিউৰিটি কাউন্সিলৰ তৰফৰ পৰা জনোনা হৈছে ১০ দফা প্ৰস্তাব হৈছে হৰমুজ প্ৰণালীত একচ্ছত্ৰ নিয়ন্ত্ৰণ, মাৰ্কিন সেনা প্ৰত্যাহাৰ, মিত্ৰ শক্তিৰ নিৰাপত্তা, নিষেধাজ্ঞা প্ৰত্যাহাৰ, যুদ্ধৰ ক্ষতিপূৰণ দাবী আৰু আন্তৰ্জাতিক আইনী নিশ্চয়তা৷
বুধবাৰে ছচিয়েল মিডিয়া ট্ৰুথত ডোনাল্ড ট্ৰাম্পে জনাইছে যে ১৪ দিনৰ যুদ্ধবিৰতিৰ ঘোষণা কৰিছে আমেৰিকাই৷ ১০ দফা চৰ্ত দি সেই যুদ্ধবিৰতি মানি লৈছে ইৰানেও৷ পাকিস্তানৰ দাবী তেওঁলোকে এই যুদ্ধবিৰতিত মধ্যস্থতা কৰিছে৷ এইবাৰ যুদ্ধ বন্ধ কৰাৰ লক্ষ্য শুকুৰবাৰে ইছলামাবাদত অনুষ্ঠিত হব৷ আমেৰিকা-ইৰানৰ আলোচনাৰ প্ৰথম দফাৰ বৈঠক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















