পাকিস্তান ছুপাৰ লিগৰ বিৰতিত দেশলৈ উভতিয়েই আইনী সমস্যাত সোমাই পৰিছে ডেভিড ৱাৰ্নাৰ৷ নিছাগ্ৰস্থ হৈ বাহন চলোৱাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰে নিউ চাউছ ৱেলছৰ পুলিছে৷ ছিডনিৰ ৰাস্তাত বাহন চলোৱাৰ সময়ত ধৰা পৰে ৱাৰ্নাৰ৷ পি এছ এলৰ দল কৰাচি কিংছৰ অধিনায়ক তেওঁ৷
পি এছ এলত কৰাচিৰ পাছত খেল আছিল ৯ এপ্ৰিলত৷ তাৰ পূৰ্বে পাকিস্তানলৈ উভতি দলত যোগ দিয়াৰ কথা ৱাৰ্নাৰৰ৷ আইনী সমস্যাত সোমাই পৰাৰ বাবে তেওঁ পাকিস্তানলৈ অহাত অনিশ্চয়তাই দেখা দিছে৷ অৱশ্যে তেওঁ জামিনত মুক্তি লাভ কৰিছে৷
পিএছ এলত পাঁচ দিনৰ বিৰতিত ৱাৰ্নাৰে অষ্ট্ৰেলিয়ালৈ উভতিছিল গুডফ্ৰাইডেৰ ছুটি কটাবলৈ৷ বিগত দেওবাৰে ইষ্টাৰ ছানডেৰ নিশা আৰক্ষীয়ে তেওঁৰ বাহন ৰখাই পৰীক্ষা কৰে৷ ৱাৰ্নাৰৰ নিশ্বাস পৰীক্ষা কৰা হয় তাতে অনুমোদিত মাত্ৰাতকৈ দ্বিগুণ মদ্যপানৰ প্ৰমাণ পোৱা যায়৷ লগে লগেই ৱাৰ্নাৰক মাৰুব্ৰা থানালৈ লৈ যোৱা হয়৷ তাতো তেওঁৰ নিশ্বাস পৰীক্ষা কৰা হয়৷ তাতো অনুমোদিত মাত্ৰাতকৈ বেছি দ্বিগুণ মদ্যপানৰ প্ৰমাণ পোৱা যায়৷ ইয়াৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ নিউ ছাউথ ৱেলছ পুলিছে জনাইছে যে ৱাৰ্নাৰৰ লাইচেন্স বাতিল হব পাৰে৷ জামিনত মুক্তি দিয়া হলেও তেওঁ সময়ে সময়ে আদালতত হাজিৰ হব লাগিব৷ আগন্তুক ৯ মেতো ৱাৰ্নাৰক আদালতত হাজিৰ কৰোৱা হব৷
ৱাৰ্নাৰে কি পৰিস্থিতিত পি এছ এল খেলিব পাৰিবনে সেই বিষয়েও প্ৰশ্ন উঠিছে৷ অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি ৱাৰ্নাৰক যি ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছিল তাত সমস্যা হোৱাৰ কথা নাই৷ তেওঁ দেশ এৰিবও পাৰিব৷ অৱশ্যে আদালতত হাজিৰা দিব লাগিব ৱাৰ্নাৰ৷ সেয়ে পি এছ এলত কৰাছিক নেতৃত্ব দিয়াত তেওঁৰ আন কোনো অসুবিধা নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















