তামৰ পাত্ৰৰ পৰা পানী খোৱাটো ভাৰতৰ এক পুৰণি পৰম্পৰা। আগতে তীখাৰ পাত্ৰ কম ব্যৱহাৰ কৰা হৈছিল কাৰণ আয়ুৰ্বেদৰ মতে তামৰ পাত্ৰত থকা পানী খালে শৰীৰ শুদ্ধ হয়। তদুপৰি ই নাড়ীজনিত বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু আপুনি জানেনে যে কেতিয়াবা তামৰ পাত্ৰ ব্যৱহাৰ কৰিলে এই উপকাৰৰ ঠাইত অপকাৰহে হয়৷ যদি আপুনি তামৰ পাত্ৰ ব্যৱহাৰ কৰে তেন্তে নিশ্চিতভাৱে জানিব লাগে যে তামৰ পানী কেতিয়া ক্ষতিকাৰক হ’ব পাৰে আৰু কি কি সাৱধানতা মনত ৰখাটো গুৰুত্বপূৰ্ণ?
তামৰ পানী কেতিয়া বিষাক্ত হৈ পৰে?
তামৰ পাত্ৰত পানী ব্যৱহাৰ কৰাটো উপকাৰী বুলি গণ্য কৰা হয় যদিও ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক অৱহেলা কৰিলে শৰীৰ অসুস্থ হ’ব পাৰে। কোৱা হয় যে তাম অতি সোনকালে লেতেৰা হৈ পৰে সেয়ে তামৰ পাত্ৰবোৰ নিয়মীয়াকৈ পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়।
লক্ষণ
- বমি ভাৱ বা বমি হোৱা
- পেটৰ বিষ
- মূৰ ঘুৰণি
- গুৰুতৰ ক্ষেত্ৰত যকৃতৰ ক্ষতি
তামৰ বাচন ব্যৱহাৰ কোনে পৰিহাৰ কৰিব লাগে?
- যকৃতৰ ৰোগ থকা ব্যক্তিয়ে
- বৃক্ক ৰোগীয়ে
- সৰু ল’ৰা-ছোৱালীয়ে
কি কি পৰিস্থিতিত ক্ষতি হ’ব পাৰে?
- তামত থকা মৌল শৰীৰৰ বাবে অপৰিহাৰ্য যদিও অত্যধিক পৰিমাণে তামত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। যদি কোনো ব্যক্তিয়ে গোটেই দিনটো কেৱল তামৰ পাত্ৰৰ পানীহে খায় তেন্তে ইয়াৰ ফলত শৰীৰত তামৰ পৰিমাণ বৃদ্ধি পাব পাৰে।
- দীৰ্ঘদিন পানী জমা কৰি ৰাখিলে এই সমস্যাৰ সৃষ্টি হ’ব পাৰে। তামৰ পাত্ৰত পানী ৮ ঘণ্টা ধৰি ৰাখিলে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু ২৪ ঘন্টা বা তাতকৈ অধিক সময় সংৰক্ষণ কৰিলে পানীত তামৰ পৰিমাণ বৃদ্ধি পাব পাৰে।
- তামৰ পাত্ৰত টেঙা বস্তু ব্যৱহাৰ কৰিলে তামৰ লগত বিক্ৰিয়া কৰি বিষাক্ত হৈ পৰিব পাৰে। গতিকে ইয়াত লেমনেড বা যিকোনো টেঙা বস্তু ব্যৱহাৰ নকৰিব।
- তামৰ বাচনত সময়ৰ লগে লগে পেটিনা গঠন হয়, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। সেয়েহে সপ্তাহত তিনিবাৰ নেমু আৰু নিমখ দি পৰিষ্কাৰ কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















