ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ…
গীত গাই গাই প্ৰশান্ত ফুকন ওলাই আহিল ভোটদানৰ বাবে৷
ভোটদানৰ বাবে আহি প্ৰশান্ত ফুকনে কৰিছে কেইবাটাও মন্তব্য৷
মই এইবাৰ ১ লাখতকৈ বেছি ভোটত জয়লাভ কৰিম৷
বহুদিনৰ অন্তত আজি নিজৰ ভোট দিবলৈ সুযোগ পাইছো ওলাই আহিছো৷
ৰাইজ ওলাই আহক, গণতন্ত্ৰৰ সৰ্বোত্তম উৎসৱত সকলোৱে অংশগ্ৰহণ কৰক৷
মই ৪বাৰ বিধানসভাত আছো কিন্তু এইবাৰ প্ৰথমবাৰ নিজৰ ভোট দিম, ৪টা কাৰ্যকালত নিজৰ ভোট দিয়াই নাছিলো৷
৭৭ শতাংশ ভোটদান সাব্যস্ত হ’লে ময়েই জিকিম৷
আমাৰ ডিব্ৰুগড়ত বহু কাম আছে কাৰণ আমাৰ ডিব্ৰুগড় দ্বিতীয় ৰাজধানী হ’ব৷
ৰাজধানী হ’বলৈ হ’লে যিসমূহ কাম কৰিবলগীয়া আছে সেইসমূহ আমি কৰিম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















