মানুহৰ মন বৰ কৌতুহলী। আপুনি কোৱাৰ দৰে, আমাক এনে বহুতো কথাই কৌতুহলৰ সৃষ্টি কৰে, যিবোৰে আমাৰ চিন্তা-ধাৰাক নতুন দিশেৰে আগুৱাই লৈ যায়। আমাৰ চাৰিওফালে থকা জীৱ-জন্তু, চৰাই-চিৰিকতি আদি সকলোৰে কিছুমান নিজা নিজা বৈশিষ্ট আছে। আজি জানো আহক কোন বিধ প্ৰাণীয়ে জিভাৰে কাণ চাফা কৰে?
জিৰাফৰ জিভাৰ দৈৰ্ঘ্য সঁচাকৈয়ে আচৰিত। জিৰাফে নিজৰ দীঘল জিভাৰে চকু, নাক আৰু কাণ চাফা কৰে। ই বাহিৰৰ ধূলি-বালি আৰু পৰজীৱৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে। জিৰাফৰ জিভাখন অত্যন্ত দীঘল। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৪৫-৫০ চেণ্টিমিটাৰ বা ১৮-২০ ইঞ্চি। জিৰাফে নিজৰ জিভাৰে কাণৰ ভিতৰৰ অংশ পৰিষ্কাৰ কৰিব পাৰে।
এই জন্তুবিধৰ জিভাখন অতি মজবুত, গতিকে ইয়াৰ সহায়ত ইহঁতে গছৰ পৰা নিজৰ প্ৰিয় পাত ছিঙিব পাৰে। গছৰ পাত জিভাৰে মেৰিয়াই প্ৰায় হাতৰ দৰে ব্যৱহাৰ কৰিব পাৰে। আন কোনো প্ৰাণীৰ জিভা ইমান শক্তিশালী নহয়।
ইহঁতৰ জিভা অস্বাভাৱিক, নীলা ৰঙৰ, প্ৰায় ক’লা বুলি ক’ব পাৰি। বহু বিশেষজ্ঞৰ মতে এয়া নিজৰ জিভাক ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ। ইয়াৰ উপৰিও জিৰাফ পৃথিৱীৰ আটাইতকৈ ওখ প্ৰাণী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















