সময়ৰ লগে লগে সম্পৰ্কৰ সমীকৰণো সলনি হৈছে৷ প্ৰেম বা বিবাহৰ পৰবৰ্তী ক্ষেত্ৰত সম্পৰ্কক লৈ টনা আঁজোৰা অব্যাহত আছে বহুতৰে জীৱনত৷ সমাধান সূত্ৰ বিচাৰি বহুতেই নানান জনৰ পৰা পৰামৰ্শও লয়৷ কিন্তু সম্পৰ্কৰ কিছু সৰু সৰু বিষয় মূৰত ৰাখি আৰু দৃষ্টিভংগীত সামান্য পৰিবৰ্তন আনিলেই পাৰ্টনাৰক সুখী ৰখা আৰু সম্পৰ্ক মজবুত কৰা সম্ভৱ৷ ৰিলেছনচিপ এক্সপাৰ্ট আৰু লেখিকা সীমা আনন্দই এক পডকাষ্টত আহি আধুনিক সম্পৰ্কক লৈ গুৰুত্বপূৰ্ণ কিছু টিপছ শ্বেয়াৰ কৰিছে৷ তেওঁ জনাইছে যে কেনেকৈ নিজৰ পাৰ্টনাৰক সুখী ৰাখিব পাৰিব৷
পাৰ্টনাৰ আপোনাতকৈ পৃথক সেই কথা মানি ল’ব লাগিব
সীমা আনন্দৰ মতে, বহু পুৰুষেই ভাৱে, ‘মই যদি সেই স্থানত থাকিলোহেতেন তেন্তে এনে কাম নকৰিলোহেতেন৷’ এই মানসিকতা সলনি কৰা জৰুৰী৷ প্ৰথম আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে, আপোনাৰ পাৰ্টনাৰ আপোনাৰ দৰে নহ’বও পাৰে, সেয়া মানি লোৱা৷ কাৰণ প্ৰত্যেক মানুহৰ চিন্তাভাৱনা, জীৱনযাপন আৰু আবেগ প্ৰকাশৰ ধৰণ বেলেগ৷ সেয়ে পাৰ্টনাৰক নিজৰ দৰে বনোৱাৰ চেষ্টা নকৰিব বৰং বুজাৰ চেষ্টা কৰক যে তেওঁ আপোনাতকৈ পৃথক৷ পাৰ্থক্যসমূহ বুজিব পাৰিলেই সেয়া সঠিকভাৱে আপোচ কৰা সম্ভৱ৷
সম্পৰ্কৰ খাতিৰত তল নমাটো দুৰ্বলতা নহয়
বহুতে ধাৰণা কৰে যদি তেওঁ পাৰ্টনাৰৰ কথা মানি লয় বা ভুল স্বীকাৰ কৰে তেতিয়া সেয়া দুৰ্বলতাৰ প্ৰকাশ হব পাৰে৷ কিন্তু এই ভাৱনাৰ পৰা বাহিৰলৈ ওলাই আহক৷ সম্পৰ্ক ঠিকে ৰখা বা পাৰ্টনাৰক বুজাৰ চেষ্টা কৰিব পাৰিলে নিজৰেই লাভ৷ ভাল সম্পৰ্ক মানে মানসিক শান্তি আৰু সুখ, যাৰ প্ৰভাৱ পৰে নিজৰ জীৱনতেই৷
মেছেজ কৰোতে মন দি কৰক
কথোপকথনৰ ক্ষেত্ৰত মহিলাসকলে সাধাৰণত বিস্তাৰিতভাৱে বিষয়টো বুজাবলৈ পছন্দ কৰে৷ য’ত পুৰুষে এটা মেছেজ কম সময়ত পঢ়ি শেষ কৰে অথচ বিষয়টো ভালকৈ বুজি নাপায়৷ ই সম্পৰ্কৰ বাবে বেয়া৷ বহু পুৰুষে মুখামুখিকৈ কথা কবলৈকো অস্বস্তি বোধ কৰে৷ সেই ক্ষেত্ৰত হোৱাটছএপ বা টেক্সট মেছেজ বহু সময়ত কাৰ্যকৰ মাধ্যম হব পাৰে৷ মেছেজৰ মাধ্যমেৰে নিজৰ অনুভূতি প্ৰকাশ কৰা, ফ্লাৰ্ট কৰা আৰু ভালপোৱাৰ কথা জনালে সম্পৰ্ক আৰু গভীৰ হয়৷
নতুন আগ্ৰহ তৈয়াৰ কৰক
বহু সময়ত দেখা যায় পুৰুষে কামৰ স্থানৰ পৰা ওভতি আহি কথা পাতিবলৈকো ভাগৰুৱা অনুভৱ কৰে৷ অন্যহাতে মহিলাসকলে বিস্তাৰিতভাৱে দিনটোৰ কথা শ্বেয়াৰ কৰিবলৈ পছন্দ কৰে৷ ভাল কনভাৰছেচনালিষ্ট হ’বলৈ হলে বিভিন্ন বিষয়ত আগ্ৰহ তৈয়াৰ কৰা জৰুৰী৷ নতুন কিছু শিকা, নতুন বিষয়ত পঢ়াশুনা কৰা বা অভিজ্ঞতা অৰ্জন কৰিলে পাৰ্টনাৰৰ সৈতে শ্বেয়াৰ কৰাৰ বিষয় বাঢ়ে৷ ইয়াৰ ফলত সম্পৰ্ক কেতিয়াও একঘেয়ামী হৈ নুঠে৷
আন্দাজ নহয়, মুকলিকৈ প্ৰশ্ন কৰক
সম্পৰ্কত সকলোতকৈ ডাঙৰ সমস্যা তৈয়াৰ হয় এছম্পছন বা আন্দাজৰ পৰাই৷ নজনাকৈ নিজে নিজে সিদ্ধান্তত উপনীত হোৱাতকৈ বিষয়টো সন্দৰ্ভত মুকলিকৈ কথা পতাটো উত্তম৷ যদি কোনো সমস্যা তৈয়াৰ হয় তেতিয়া অনুমান নকৰি খোলাখুলিকৈ আলোচনা কৰক৷ বহু সময়ত কেৱল কথা পাতিলেই আধাতকৈ বেছি সমস্যা দূৰ হয়৷ সীমা আনন্দৰ কথাত, সম্পৰ্কৰ ওঠানমা স্বাভাৱিক কিন্তু ধৈৰ্য্য আৰু শান্ত মনেৰে পৰিস্থিতি সম্ভালিবলৈ যত্ন কৰাটোৱেই সঠিক পথ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















