সোমবাৰ ৪ মে’ৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহত একাধিক শুভ যোগৰ প্ৰভাৱত ভাগ্য চমকি উঠিব ৫ৰাশিৰ জাতকৰ৷ মে মাহৰ এই প্ৰথম সপ্তাহত থাকিব বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ৷ মেষ ৰাশিত সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত এই শুভ যোগ গঠিত হব৷ জ্যোতিষশাস্ত্ৰত বুধাদিত্য ৰাজযোগক শক্তিশালী আৰু প্ৰভাৱশালী যোগ হিচাপে গণ্য কৰা হয়৷ এই যোগৰ প্ৰভাৱত জাতকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি নামি আহে৷ জানি থওক ৪ মেৰ পৰা ১০মে ২০২৬ ৰ ভিতৰত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
মে মাহৰ প্ৰথম সপ্তাহ বিশেষভাৱে লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক সপ্তাহত আপুনি নিজৰ মনৰ মানুহক দেখা পাব৷ বিশেষকৈ কোনো উপহাৰ পাব পাৰে৷ মনৰ ইচ্ছা পূৰণ হব পাৰে৷ মনত আনন্দ থাকিব৷ দাম্পত্য জীৱনত সুখ আৰু শান্তি ভৰপুৰ থাকিব৷
কন্যা ৰাশি
৪ মেৰ পৰা আৰম্ভ হোৱা আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত অত্যন্ত শুভ দিন কটাব কন্যা ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহত আপুনি সকলো কামতে সৌভাগ্যক কাষত পাব৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব আৰু প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰো সুযোগ পাব৷ পিতৃৰ পৰা প্ৰয়োজনীয় সহায় পাব৷
বৃশ্চিক ৰাশি
৪ মেৰ পৰা আৰম্ভ হ’বলগীয়া সপ্তাহত চৰকাৰী কামত সাফল্য পাব বৃশ্চিক ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহত আপুনি বিলাসিতাৰে সময় কটাব৷ চাকৰিয়ালৰ ভাল সময় আহিছে৷ পৰিশ্ৰম কৰিলে তাৰ সুফল অৱশ্যেই পাব৷ নতুন চাকৰি লাভৰ সুযোগ আছে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷
মকৰ ৰাশি
আগন্তুক সপ্তাহত অফিচত চিনিয়ৰসকলৰ সহায় পাব মকৰ ৰাশিৰ জাতকে৷ ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ সুযোগ পাব আৰু নিজৰ যোগ্যতাই তেওঁলোকৰ সন্মুখত প্ৰমাণ কৰিব পাৰিব৷ পাৰিবাৰিক জীৱনলৈকো সুখ থাকিব৷ আগন্তুক সপ্তাহত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷
মীন ৰাশি
মে মাহৰ প্ৰথম সপ্তাহত অভাৱনীয়ভাৱে লাভৱান হ’ব মীন ৰাশিৰ জাতক৷ কেৰিয়াৰৰ সকলো সমস্যা দূৰ হব৷ পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব৷ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ ছাত্ৰছাত্ৰীয়ে লিখাপঢ়াত উন্নতি কৰিব৷ পৰিয়ালৰ সকলোৰে সৈতে আনন্দ কৰি সময় কটাব পাৰে৷ সন্তানৰ পৰা সুখবৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















