অভিনেতা অক্ষয় কুমাৰৰ উদাৰতাৰ পৰিচয় ইয়াৰ পূৰ্বেও পাইছে বলীউডে৷ ইয়াৰ পূৰ্বে বিভিন্ন ক্ষেত্ৰত তেওঁ সহায়ৰ হাত আগবঢ়াই আহিছে৷ সেই তালিকাত যোগ হৈছে নতুন উদাহৰণ৷ কাশ্মীৰৰ সীমান্তবৰ্তী এখন চৰকাৰী স্কুলত ১ কোটি টকা অনুদান দিলে অভিনেতাজনে৷
জম্মু আৰু কাশ্মীৰৰ বান্দিপোৰা জিলাৰ গুৰেজ উপত্যাকৰ প্ৰান্তীয় সীমান্তৰ এখন গাওঁ নেবো তুলাইলত অৱস্থিত এই চৰকাৰী স্কুল৷ অভিনেতাই দিয়া অনুদানতে স্কুলৰ নতুন ভৱনো তৈয়াৰ হৈছে৷ ২০২১ চনত অক্ষয় কুমাৰে বি এছ এফৰ আমন্ত্ৰণত সীমান্তত কৰ্মৰত জোৱানসকলৰ সৈতে দেখা কৰিবলৈ কাশ্মীৰলৈ গৈছিল৷ সেই সময়তে তেওঁ উত্তৰ কাশ্মীৰৰ এই নীৰু গাওঁলৈ যায়৷ তাতেই স্কুলৰ অৱস্থা দেখা পায়৷ পঢ়ুৱৈসকলৰ সমস্যাৰ কথা জানিব পাৰি এক কোটি টকা অনুদান দিয়াৰো ঘোষণা কৰিছিল৷ ৫ বছৰ পাছত সেই কথা ৰাখিলে অক্ষয় কুমাৰে৷
অক্ষয়ৰ অনুদানত তৈয়াৰ হোৱা নতুন ভৱনৰ নাম ৰখা হৈছে শ্ৰী হৰি ওম ভাটিয়া এডুকেছন ব্লক৷ অক্ষয়ৰ পিতৃ প্ৰয়াত হৰি ওম ভাটিয়াৰ স্মৃতিত তৈয়াৰ কৰা হৈছে এই ভৱন৷ নতুন ভৱনত আছে আধুনিক শ্ৰেণীকক্ষ, কম্পিউটাৰ লেব, লাইব্ৰেৰি আৰু শিক্ষকসকলৰ বাবে পৃথক অফিচ স্পেছ৷ ইয়াৰোপৰি মিড ডে মিল প্ৰকল্পৰো সুবিধা উন্নত কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















