পঁইতাচোৰা ঘৰত থাকিলে ত্ৰাসৰ সৃষ্টি কৰে। ই কেৱল ঘৰ লেতেৰা কৰাই নহয়, বহু ৰোগৰো সৃষ্টি কৰে। বিশেষকৈ গ্ৰীষ্ম আৰু বাৰিষাৰ সময়ত ঘৰৰ বহু ঠাইত পঁইতাচোৰাই বংশবৃদ্ধি কৰে। সাধাৰণতে ঘৰৰ এনে চুকত পঁইতাচোৰা লুকাই থাকে য’ত আৰ্দ্ৰতা, আন্ধাৰ থাকে আৰু খাদ্য সামগ্ৰী সহজে পোৱা যায়। বহু সময়ত দৈনিক চাফ-চিকুণ কৰিলেও পঁইতাচোৰাৰ দূৰ হৈ যায়।
ঘৰত এবাৰ পঁইতাচোৰা সোমাই গ’লে সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো সহজ নহয়। কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনি এই অবাঞ্চিত অতিথিসকলৰ পৰা মুক্তি পাব পাৰে।
ঘৰৰ পৰা পঁইতা-চোৰাক দূৰ কৰক
বেকিং ছ’ডা আৰু চেনিৰ মিশ্ৰণ
বেকিং ছ’ডা আৰু চেনিৰ মিশ্ৰণে পঁইতাচোৰা পৰা পৰিত্ৰাণৰ এক ফলপ্ৰসূ প্ৰতিকাৰ। আচলতে পঁইতাচোৰাবোৰে মিঠা ভাল পায়। ইয়াৰ বাবে বেকিং চোডা আৰু চেনি সমান পৰিমাণে মিহলাই ঘৰৰ চুক-কোণত ৰাখিব লাগে। চেনিয়ে পঁইতাচোৰাক আকৰ্ষণ কৰে আৰু যেতিয়া খাবলৈ আহে তেতিয়া বেকিং ছ’ডাই সিহঁতৰ শৰীৰত বিক্ৰিয়া কৰি সিহঁতক মাৰি পেলাব।
নেমু আৰু নিখৰ পানী
নেমু আৰু নিমখৰ পানীৰ দ্বাৰা পঁইতাচোৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সহজ উপায়। ইয়াৰ বাবে ৰাতি মজিয়া মচি থাকোঁতে বাল্টিটোত পানীৰ লগত নেমুৰ ৰস আৰু অলপ নিমখ মিহলাই লওক। ইয়াৰ ফলত কেৱল পঁইতাচোৰাৰ আঁতৰাই ৰখাই নহয়, ঘৰটো বেক্টেৰিয়ামুক্ত হৈ থাকিব।
তেজপাত আৰু লঙৰ গুৰি ছটিয়াই দিয়ক
পঁইতাচোৰা খেদিবলৈ তেজপাত এক ফলপ্ৰসূ প্ৰতিকাৰ। আচলতে উগ্ৰ গোন্ধৰ পৰা পঁইতাচোৰা পলাই যায়। ঘৰৰ চুকত যদি তেজপাত ৰাখে, তেন্তে তাৰ গোন্ধৰ বাবে পঁইতাচোৰা পলাই যাব। ইয়াৰ উপৰিও তেজ পাতৰ লগতে লঙো ৰাখিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















