শিক্ষক-শিক্ষয়িত্ৰীলৈ আহিছে এটা অত্যন্ত জৰুৰী খবৰ। এই ক্ষেত্ৰত কঠোৰ হৈছে শিক্ষা বিষয়াৰ কাৰ্যালয়। এতিয়াৰে পৰা শ্ৰেণীকোঠালৈ শিক্ষকে নিব নোৱাৰিব ম’বাইল ফোন। এইক্ষেত্ৰত মানিব লাগিব বিশেষ নিয়ম। বহু সময়ত পাঠদান সময়ত একাংশ শিক্ষকে ম’বাইল ব্যৱহাৰ কৰা দেখা যায়। সেয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এতিয়াৰ পৰা বিদ্যালয়ত অনুমতি লৈহে ব্যৱহাৰ কৰিব পাৰিব ম’বাইল ফোন। তেওঁলোকে কোনোপধ্যে শ্ৰেণীকোঠাৰ ভিতৰত মোবাইল চাব নোৱাৰিব। ইয়াৰ লগতে পাঠদান চলি থকাৰ সময়ত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে মোবাইল।
উল্লেখ্য যে, জৰুৰী, চৰকাৰী নিৰ্দেশ পালনৰ স্বাৰ্থতহে শিক্ষক-শিক্ষয়িত্ৰীয়ে মোবাইল ব্যৱহাৰ কৰিব পাৰিব। শীঘ্ৰে এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকক দায়িত্ব প্ৰদান কৰা হৈছে। এই নিয়ম উলংঘা কৰিলে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। চৰকাৰী, প্ৰাদেশীকৃত প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয়লৈ এই নিৰ্দেশ প্ৰদান কৰা হৈছে। কেৱল বজালী জিলাতহে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। বজালী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ নিৰ্দেশাৰ পিছতে আৰম্ভ এই নিয়ম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















