বলীউডৰ অভিনেত্ৰী সোণাক্ষী সিনহা আৰু স্বামী জাহিৰ ইকবালৰ সৈতে সম্পৰ্কত কেৰুণ লাগিছে নেকি? কিছুদিনৰ পৰা এই কথাই বহু চৰ্চা লাভ কৰিছে। শত্ৰুঘ্ন সিনহাই তেওঁৰ এটা বিলাসী ফ্লেট বহু ধনৰ বিনিময়ত ভাড়া দিছে। মুম্বাইৰ অভিজাত বান্দ্ৰা এলেকাৰ এই এপাৰ্টমেণ্টটো লিজত লৈছে কুৱেইট কনছুলেটে। এই চুক্তিৰ পৰিমাণ প্ৰায় ১.৯২ কোটি টকা!
সম্পত্তিৰ পঞ্জীয়নৰ নথি অনুসৰি ‘কুৱেইট ৰাজ্যৰ কনছুলেট জেনেৰেলে’ সোণাক্ষীৰ ফ্লেটটো ভাড়াত লৈছে। জানিব পৰা মতে এই প্ৰিমিয়াম বাসস্থানত কুৱেইটৰ কনছুল জেনেৰেল, তেওঁৰ পৰিয়াল আৰু চৰকাৰী কৰ্মচাৰীসকলক ৰখাৰ ব্যৱস্থা কৰা হ’ব। সোণাক্ষীৰ এপাৰ্টমেণ্টটো বান্দ্ৰাৰ সাগৰমুখী বিলাসী বাসগৃহ ’81 Aureate’ত অৱস্থিত। আৰব সাগৰৰ পাৰত থিয় হৈ থকা এই বহুমহলীয়া অট্টালিকাটো বি-টাউনৰ তাৰকাৰ বাবে অতি জনপ্ৰিয় বাসগৃহ। সোণাক্ষীয়ে যেতিয়া এই ফ্লেটটো কিনিছিল তেতিয়া মনোৰঞ্জনৰ জগতখনত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।
তদুপৰি এই বিশেষ এপাৰ্টমেণ্টটোৰ সৈতে সোণাক্ষীৰ আৱেগিক সম্পৰ্ক আছে, কিয়নো জাহিৰ ইকবালৰ সৈতে তেওঁৰ বিবাহৰ মূল অনুষ্ঠান আৰু আইনী কাৰ্যবিধি এই ঘৰতে চলিছিল।
সোণাক্ষীয়ে ৰিয়েল এষ্টেট ব্যৱসায়ত খোজ দিয়াটো প্ৰথম নহয়। আগতেও একেটা বহুমহলীয়া অট্টালিকাতে আন এটা ফ্লেট বিক্ৰী কৰি ধন অৰ্জন কৰিছিল। খবৰ অনুসৰি ২০২০ চনত প্ৰায় ১৪ কোটি টকাত কিনা এপাৰ্টমেণ্টটো ২০২৫ চনত ২২.৫ কোটি টকাত বিক্ৰী হৈছিল।অৰ্থাৎ মাত্ৰ কেইবছৰমানৰ ভিতৰতে ‘দবাং’ ছোৱালীজনীয়ে নিজৰ সম্পত্তিৰ মূল্য প্ৰায় ৬১ শতাংশ বৃদ্ধি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














