প্ৰায়ে চৰ্চাত থাকে ৰাণী মুখাৰ্জী। কিন্তু এইবাৰ চৰ্চালৈ আহিছে অন্য এক কাৰণত। বলিউডৰ বহুখবৰে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰি থাকে। কিন্তু এই খবৰৰ মাজতে কিছুমান এনেকুৱা খবৰে শিৰোণাম দখল কৰে, যিবোৰে সকলোকে আচৰিত কৰে। আজিও বলীউডৰ অন্যতম শ্ৰেষ্ঠ ৰোমান্টিক ছবি হিচাপে দৰ্শকৰ মনত স্থান দখল কৰি আছে ছৈফ আলী খান আৰু ৰাণী মুখাৰ্জীৰ ‘হুম তুম’। এই ছবিখনৰ মাজৰে এক বিতৰ্কই সকলোকে আচৰিত কৰিছে।
ছাইফ আৰু ৰাণীৰ অন স্ক্ৰীণ চুম্বনৰ দৃশ্যটোক পৰিচালকে ‘হিন্দী চিনেমাৰ ইতিহাসৰ অন্যতম ঘৃণনীয় চুমা’ বুলি অভিহিত কৰে। একে সময়তে তেওঁ সেই পৰ্দাৰ আঁৰৰ প্ৰকৃত গোপন ৰহস্যও উদঙাই দিয়ে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত কুনাল কোহলীয়ে ছবিখনৰ ছুপাৰহিট গীত ‘ছানছ’ কো ছানছ’ মেইন’ৰ শ্বুটিঙৰ দিনবোৰৰ কথা মনত পেলাইছিল। তাত তেওঁ কৈছিল যে চুম্বনৰ দৃশ্যটো পৰ্দাত যিমানেই ৰোমান্টিক যেন লাগিছিল, আচলতে ইয়াৰ শ্বুটিং অতি অদ্ভুত আৰু অস্বস্তিকৰ পৰিস্থিতিত কৰা হৈছিল।
পৰিচালকে ক’লে, “আমি গোটেই ৰাতি সেই গীতটোৰ শ্বুটিং কৰি আছিলো। প্ৰথমতে ৰাণীয়ে চুম্বনৰ দৃশ্যটোৰ শ্বুটিং কৰিবলৈ ইচ্ছুক নাছিল। তেওঁক বুজাই-বঢ়াই লোৱা হ’ল আৰু শেষত ক’লে, ‘ঠিক আছে, মই মাত্ৰ এটা টেক কৰিম।’ চিনেমাখনত সেই দৃশ্যটো ভালদৰে চালে দেখা যাব যে ৰাণী আচলতে হাঁহি আছিল। তেওঁৰ কাষতে পৰি আছিল আৰু শৰীৰটো হাঁহিত কঁপি আছিল। গতিকে ইয়াক হিন্দী চিনেমাৰ আটাইতকৈ অদ্ভুত চুমাবোৰৰ ভিতৰত এটা বুলি ক’ব লাগিব।”
কেৱল সেয়াই নহয়, পৰিচালকে আন এক চাঞ্চল্যকৰ তথ্যও উদঙাই দিছে। তেওঁ কয় যে ছবিখনৰ আৰম্ভণিতে ছাইফ আৰু ৰাণীৰ অফ স্ক্ৰীণ কেমিষ্ট্ৰি বা সম্পৰ্ক একেবাৰেই বন্ধুত্বপূৰ্ণ নাছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














