১৯৯৫ চনৰ কথা। ছুইজাৰলেণ্ডত বলীউডৰ অন্যতম ব্লকব্লাষ্টাৰ হিট ছবি দিলৱালে দুলহনীয়া লে জায়েংগেৰ শ্বুটিং চলি আছিল। ছুইজাৰলেণ্ডৰ মনোমোহা লোকেশ্যনত ছবিখনৰ অন্যতম জনপ্ৰিয় গান ‘তুঝে দেখা তো য়ে জানা চনম’ৰ শ্বুটিং চলি আছে। মৃদু বতাহে সাগৰপৃষ্ঠৰ দৰে লহৰ সৃষ্টি কৰা সৰিয়হৰ মাজত ছবিখনৰ নায়ক শ্বাহৰুখ খানৰ দুবাহুত সোমাই পৰা কাজলৰ সেই দৃশ্যটো ভাল নোপোৱা চলচ্চিত্ৰপ্ৰেমী হয়টো কমেই আছে। উক্ত ৰোমাণ্টিক গানটোত অতি সাৱলীলভাৱে অভিনয় কৰা শ্বাহৰুখ খানে কিন্তু সেই সময়ত বুকুত বান্ধি ৰাখিছিল বুজাব নোৱাৰা এক দুখৰ বোজা। কাৰণ সেই সময়ত শ্বাহৰুখৰ জ্যেষ্ঠ ভগ্নীয়ে জীৱন-মৃত্যুৰে যুঁজি আছিল হাস্পতালৰ বিছনাত আৰু সেয়ে শ্বুটিঙৰ মাজতে সময় পালেই হাস্পতালত থকা বায়েকৰ ওচৰলৈ ঢাপলি মেলিছিল বলীউডৰ বাদশ্বাহ
কি হৈছিল শ্বাহৰুখ খানৰ জ্যেষ্ঠ ভগ্নী শ্বাহনাজৰ?
যেতিয়া শ্বাহৰুখ খানৰ পিতৃৰ আকস্মিক বিয়োগ ঘটিছিল তেতিয়া শ্বাহৰুখ খানৰ জ্যেষ্ঠ ভগ্নী শ্বাহনাজে পিতৃৰ বিয়োগৰ খবৰ সহ্য কৰিব নোৱাৰি অচেতন হৈ পৰে। শ্বাহৰুখ খানৰ জ্যেষ্ঠ ভগ্নী শ্বাহনাজক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ প্ৰায় দুবছৰ সময় লাগে। প্ৰথমে শ্বাহনাজৰ চিকিৎসা ভাৰততে কৰোৱা হৈছিল যদিও DDLJৰ শ্বুটিঙৰ বাবে ছুইজাৰলেণ্ডলৈ যাবলগীয়া হোৱাত জ্যেষ্ঠ ভগ্নীকো লগতে লৈ ছুইজাৰলেণ্ডলৈ উৰা মাৰে শ্বাহৰুখ খান আৰু ছুইজাৰলেণ্ডৰ শ্বুটিংস্থলীৰ ওচৰৰ এখন হাস্পতালত শ্বাহনাজক ভৰ্তি কৰোৱাই আৰম্ভ কৰে জ্যেষ্ঠ ভগ্নীৰ চিকিৎসা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















