নখ দীঘল কৰাটো আজিকালি ফেশ্বনত পৰিণত হৈছে। কিন্তু বহুলোকে নখ দীঘল কৰিব বিচাৰিলেও বাৰে বাৰে ভাঙি যোৱাৰ সমস্যাৰ সন্মুখীন হয়। ইয়াৰ আঁৰত বহুতো কাৰণ জড়িত হৈ থাকে। যদি আপোনাৰ নখবোৰ হঠাতে ভাঙিবলৈ আৰম্ভ কৰে তেন্তে ইয়াক আওকাণ নকৰিব। এইটো কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। কাৰণটো আগতীয়াকৈ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ। আজি এই বিষয়ে আলোচনা কৰো আহক…
নখৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল খাদ্যত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন, খনিজ পদাৰ্থ, প্ৰ’টিন, যেনে সেউজীয়া শাক-পাচলি, ফল-মূল, দালি, কণী, গাখীৰ, বাদাম আদি অন্তৰ্ভুক্ত কৰা। ইয়াৰ উপৰিও শৰীৰ আৰু নখ দুয়োটাকে জলসিঞ্চিত কৰি ৰাখিবলৈ দৈনিক প্ৰচুৰ পৰিমাণে পানী খাব লাগে। নখ কাটিলে বেছি চুটিকৈ কাটিব নালাগে আৰু ভাল মানৰ নখ ক্লিপাৰ ব্যৱহাৰ কৰিব লাগে। লেতেৰা বা দীৰ্ঘদিন ধৰি পিন্ধা নেলপলিচ সঘনাই আঁতৰাই পেলাব লাগে। হাত ধোৱাৰ পিছত মইশ্ব’ৰাইজাৰ বা নাৰিকল তেলেৰে নখ মালিচ কৰক। যদি আপোনাৰ নখ সঘনাই ভাঙি যায়, হালধীয়া হয় বা সংক্ৰমণ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক, কিয়নো ই কোনো গুৰুতৰ অভাৱ বা অসুস্থতাৰ লক্ষণ হ’ব পাৰে।
নখ ভঙাৰ প্ৰধান কাৰণ হ’ল বি ভিটামিন, কেলচিয়াম, আইৰণ, ফেটি এচিড আদি কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱ। নখৰ এক্সটেনচন, ৰাসায়নিক সামগ্ৰী, আৰু ট্ৰিটমেণ্টৰ দ্বাৰাও নখ ভংগুৰ হ’ব পাৰে।
নখৰ যত্ন কেনেকৈ ল’ব
- কেতিয়াও নখত কামোৰিব নালাগে।
- গা ধোৱাৰ পিছত, যেতিয়া কোমল হয় তেতিয়া নখ কাটিব লাগে।
- সদায় নখ শুকান আৰু পৰিষ্কাৰ কৰি ৰাখক।
- চোকা আৰু পৰিষ্কাৰ মেনিকিউৰ কেঁচি ব্যৱহাৰ কৰি নখবোৰ পোনে পোনে কাটি লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















