শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ সুপৰিচিত Influencer ছিমৰান খানে প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য। তেওঁ কয় যে এজন পুৰুষক বিশ্বাস কৰাটো কেনেদৰে বিপজ্জনক প্ৰমাণিত হ’ল। আনকি ব্যক্তিজনে কেনেকৈ জিন্সৰ ভিতৰত হাত সোমাই দিয়াৰ চেষ্টা কৰিছিল, সেই কথাও প্ৰকাশ কৰে।
স্প্লিটছভিলা ১৬ৰ পৰা খ্যাতি অৰ্জন কৰা ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় Influencer ছিমৰান খানে শেহতীয়াকৈ প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য। স্প্লিটছভিলাৰ প্ৰাক্তন প্ৰতিযোগী তথা নৃত্য পৰিচালক শচীন শৰ্মাই তেওঁক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰি অপকৰ্ম কৰা বুলি কয়।
শ্ব’টোৰ পিছত ছ’চিয়েল মিডিয়াত ছিমৰান খানে অপৰিসীম জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ অনুগামীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পালে। ডেটিং ৰিয়েলিটি শ্ব’ ‘স্প্লিটছভিলা ১৬’ত অংশগ্ৰহণ কৰাৰ বাবে ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল।
শেহতীয়াকৈ ছিমৰান খানে স্প্লিটছভিলাৰ প্ৰাক্তন প্ৰতিযোগী তথা নৃত্য পৰিচালক শচীন শৰ্মাৰ বিষয়ে এক ডাঙৰ তথ্য প্ৰকাশ কৰিছে। নৃত্যশিল্পীগৰাকীয়ে তেওঁক স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই মুহূৰ্তটো তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। তেওঁৰ লগত যিটো ঘটিল, সেয়ে তেওঁক শেষ কৰি দিলে।
স্প্লিটছভিলাৰ প্ৰাক্তন প্ৰতিযোগী তথা ইউটিউবাৰ ভাবিয়া সিঙে আয়োজন কৰা প’ডকাষ্টত ছিমৰনে শচীনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে। পাৰ্টিত দুয়োৰে লগ হোৱাৰ কথাও প্ৰকাশ কৰে। পাৰ্টীৰ পিছত ইজনে সিজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল। বহু আগতেই দুয়ো নম্বৰ সালসলনিও কৰিছিল। তাৰ পিছত এদিন ফোনত কথা পাতি থাকোঁতে শচীনে নিজৰ ঘৰলৈ আহিবলৈ কয় ছিমৰানক। তাত শচীনে তেওঁক লগত এই ভয়ংকৰ আচৰণ কৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















