Cristiano Ronaldo VS Lionel Messi: বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ আৰ্জেণ্টিনাৰ লিয়নেল মেছি বা পৰ্তুগালৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ মাজত কোন শ্ৰেষ্ঠ সেই লৈ বিতর্ক অব্যাহত আছে। দুয়োৰে নিজস্ব ফেন ফ’ল’ৱাৰ আছে আৰু বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰৰ ভিতৰত গণ্য কৰা হয়। ২৩ জুন মঙলবাৰে ফিফা বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন গ্ৰুপ K মেচত ৰোনাল্ডোৱে মেছিৰ অভিলেখ ভংগ কৰে।
উজবেকিস্তানৰ বিৰুদ্ধে এই খেলখনত ৰোনাল্ডোৱে দুটা গ’ল দি বিশ্বকাপৰ ইতিহাসত ব্ৰেচ (এখন মেচত দুটা গ’ল) কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও ৪০ বছৰ বয়স অতিক্ৰম কৰি বিশ্বকাপৰ খেল এখনত দুটা গ’ল দিয়া বিশ্বৰ প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ৰোনাল্ডো হৈছে ছয়টা ভিন্ন ফিফা বিশ্বকাপৰ সংস্কৰণত গ’ল দিয়া একমাত্ৰ খেলুৱৈ। উজবেকিস্তানৰ বিৰুদ্ধে খেলখনত তেওঁ ষষ্ঠ মিনিটত প্ৰথমটো গ’ল দিয়ে। ইয়াৰ পাছতে ৩৯ মিনিটত আন এটা গ’ল দি তেওঁ নিজৰ দলৰ অগ্ৰগতি দুগুণ কৰে।
২০২৬ চনৰ ২৩ জুনত ৰোনাল্ডোৰ বয়স ৪১ বছৰ ১৩৮ দিন আছিল। সেয়ে তেওঁ বিশ্বকাপৰ এখন খেলত দুটা গ’ল দিয়া আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে এই অভিলেখ লিয়নেল মেছিৰ হাতত আছিল। ২০২৬ চনৰ ২২ জুনত একেখন প্ৰতিযোগিতাতে এদিন পূৰ্বে আৰ্লিংটনৰ এ টি এণ্ড টি ষ্টেডিয়ামত অষ্ট্ৰিয়াৰ বিৰুদ্ধে গ্ৰুপ J ৰ বিৰুদ্ধে খেলত আৰ্জেণ্টিনাৰ হৈ দুটা গ’ল দিছিল মেছিয়ে। তেতিয়া তেওঁৰ বয়স আছিল ৩৮ বছৰ আৰু ৩৬৩ দিন। ফিফা বিশ্বকাপৰ ইতিহাসত এখন মেচত দুটা গ’ল দিয়া আটাইতকৈ বয়সীয়াল খেলুৱৈৰ তালিকাত ৰোনাল্ডো আৰু মেছিৰ পিছতে কেমেৰুণৰ ৰজাৰে স্থান লাভ কৰিছে। তেওঁ ১৯৯০ চনৰ ফিফা বিশ্বকাপত কলম্বিয়াৰ বিৰুদ্ধে তেওঁ ৩৮ বছৰ ৩৪ দিন বয়সত দুটা গ’ল দিছিল।
উল্লেখ্য যে, উজবেকিস্তানৰ বিৰুদ্ধে ৰোনাল্ডোৰ দুটা গ’লে বিশ্বকাপত সৰ্বাধিক গ’ল দিয়াৰ পৰ্তুগালৰ অভিলেখো ভংগ কৰে। ৰোনাল্ডোৱে এতিয়া বিশ্বকাপৰ ২৪খন খেলত ১০টা গ’ল দিছে। ইয়াৰ পূৰ্বে এই অভিলেখ ইউজেবিঅ’ৰ হাতত আছিল, যিয়ে ১৯৬৬ চনৰ বিশ্বকাপত পৰ্তুগালৰ হৈ ৯টা গ’ল দিছিল। উজবেকিস্তানৰ বিৰুদ্ধে ৰোনাল্ডোৱে আৰু এটা গ’ল দিয়া হ’লে তেওঁ বিশ্বকাপৰ খেলত হেট্ৰিক কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হ’লহেঁতেন। বৰ্তমান এই অভিলেখ লিয়নেল মেছিৰ হাতত আছে। ২০২৬ চনৰ ১৬ জুনত আলজেৰিয়াৰ বিৰুদ্ধে মেছিয়ে ৩৮ বছৰ ৩৫৭ দিন বয়সত হেট্ৰিক অৰ্জন কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















