তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব আমিৰ খান। কাইলৈ প্ৰেমিকা গৌৰী স্প্ৰেটৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। বিয়াৰ পূৰ্বে আমিৰ খানৰ পালি হিলত থকা ফ্লেটটো সজাই তোলা হৈছে।
আমিৰ খান আৰু গৌৰী স্প্ৰাটৰ বিবাহ অনুষ্ঠানৰ এদিন আগতে মুম্বাইৰ পালি হিলত অভিনেতাজনৰ ঘৰটো আটকধুনীয়াকৈ সজাইছে। অভিনেতাগৰাকীৰ ঘৰৰ বাহিৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত দম্পতীহালে বিবাহপাশত আবদ্ধ হ’ব। সংবাদ মাধ্যমে শ্বেয়াৰ কৰা ক্লিপত দেখা গৈছে অভিনেতাজনৰ ঘৰটো লাইটেৰে সজাই থোৱা। অতিথিসকলক বহিবলৈ আচবাব অনা দেখা গৈছে।
মুম্বাইৰ বৰষুণৰ মাজত বিয়াৰ প্ৰস্তুতি
যি সময়ত মুম্বাই বতৰ বিজ্ঞানে সতৰ্কবাণী দিছে, সেই সময়ত বৰষুণৰ সৈতে যুঁজিও বিবাহৰ প্ৰস্তুতি চলিছে। বতৰ বেয়া হোৱাৰ মাজতে আমিৰ খানৰ বিয়াৰ প্ৰস্তুতি অব্যাহত আছে। অভিনেতাগৰাকীৰ ভগ্নীকো তেওঁৰ ঘৰত উপস্থিত হোৱা দেখা গৈছে। ধাৰাসাৰ বৰষুণৰ সময়ত ঘৰৰ ভিতৰলৈ সামগ্ৰী কঢ়িয়াই অনা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















