দীৰ্ঘদিনীয়া অনশনৰ ক্ষেত্ৰত সাধাৰণতে ফলৰ ৰস বা নাৰিকলৰ পানীৰেই অনশন ভংগ কৰা হয়। ইয়াৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ। শৰীৰক কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন হয়, কিন্তু যেতিয়া ই দীৰ্ঘদিন ধৰি খাদ্য অবিহনে থাকে তেতিয়া গ্লুক’জৰ সলনি শক্তিৰ বাবে শৰীৰৰ চৰ্বি আৰু পেশী ভাঙিবলৈ আৰম্ভ কৰে। ফলত তে*জত চেনিৰ পৰিমাণ দ্ৰুতগতিত কমি যায়। ইয়াৰ উপৰিও শৰীৰত ছডিয়াম, পটাছিয়াম, ফছফেটৰ দৰে প্ৰয়োজনীয় ইলেক্ট্ৰলাইটৰ অভাৱ ঘটে, যাৰ ফলত মগজুৱে পৰ্যাপ্ত পৰিমাণৰ শক্তি লাভ কৰাত অসুবিধাৰ সৃষ্টি কৰে।
দীৰ্ঘদিনীয়া অনশন বা উপবাসৰ পিছত লগে লগে কঠিন খাদ্য খাব নালাগে বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। ইয়াৰ ফলত “ৰিফিডিং চিনড্ৰম” নামৰ গুৰুতৰ অৱস্থাৰ সৃষ্টি হ’ব পাৰে। ক্লিভলেণ্ড ক্লিনিকৰ ৰিপৰ্ট অনুসৰি পুষ্টিকৰ উপাদানৰ অভাৱত ভোগা ব্যক্তিয়ে পুনৰ খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে ৰিফিডিং চিনড্ৰম হ’ব পাৰে। অতি সোনকালে খাদ্য গ্ৰহণ কৰিলে স্বাস্থ্যত জটিলতাৰ সৃষ্টি হ’ব পাৰে। কাৰণ পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে আমাৰ শৰীৰত পৰিৱৰ্তন ঘটে। আমি যেতিয়া পুনৰ খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰো তেতিয়া শৰীৰটো পূৰ্বৰ অৱস্থালৈ ঘূৰি অহাৰ প্ৰয়োজন হয়, কিন্তু তৎক্ষণাত সেই অৱস্থালৈ ঘূৰি আহিবলৈ সাজু নহ’বও পাৰে।
ফলৰ ৰস, নাৰিকলৰ পানী আৰু অ’ আৰ এছৰ দৰে তৰল পদাৰ্থত সুষম পৰিমাণৰ প্ৰাকৃতিক চেনি, প্ৰয়োজনীয় ইলেক্ট্ৰ’লাইট আৰু পানী থাকে। এই উপাদানে শৰীৰক লাহে লাহে আৰু নিৰাপদভাৱে শক্তি যোগান ধৰে, যাৰ ফলত তেজত চেনিৰ মাত্ৰা হঠাতে নহয় ক্ৰমান্বয়ে বৃদ্ধি পায়। নাৰিকল পানীত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, আনহাতে ফলৰ ৰসে শৰীৰত তৎক্ষণাত গ্লুক’জ প্ৰদান কৰে, যিটো সহজে হজম হয়। এই কাৰণেই চিকিৎসালয়তো ৰোগীক উপবাস ভংগ কৰাৰ আগতে প্ৰায়ে ড্ৰিপৰ জৰিয়তে প্ৰয়োজনীয় ইলেক্ট্ৰলাইট দিয়া হয় আৰু ইয়াৰ পিছতহে তৰল খাদ্য দিয়া হয়।
Webmd ৰ ৰিপৰ্ট অনুসৰি যদি ৰিফিডিং চিনড্ৰম হয় তেন্তে ই আপোনাৰ শৰীৰৰ বিভিন্ন অংগত প্ৰভাৱ পেলাব পাৰে। নিৰ্দিষ্ট লক্ষণসমূহৰ ভিতৰত ৰক্তচাপৰ পৰিৱৰ্তন, হৃদযন্ত্ৰ বন্ধ হোৱা, ডায়েৰিয়া, তৰল পদাৰ্থ জমা হোৱা, হৃদস্পন্দনৰ পৰিৱৰ্তন, পক্ষাঘাত, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আদি হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে ৰিফিডিং চিনড্ৰম প্ৰতিৰোধ কৰাটোৱেই হৈছে ইয়াৰ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়। শৰীৰত ইলেক্ট্ৰলাইটৰ মাত্ৰা নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















