বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফ নিজৰ নৃত্য কৌশল আৰু একচনৰ বাবে পৰিচিত। কিন্তু এতিয়া অভিনয়ৰ উপৰিও টাইগাৰে ফুটবল খেলপথাৰতো নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। অতি সোনকালে পেছাদাৰী ফুটবলাৰ হিচাপে তেওঁ অভিষেক ঘটাব পাৰে। খবৰ অনুসৰি ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ বাবে মুম্বাই এফ চি দলত অন্তৰ্ভুক্ত হৈছে। টাইগাৰে দলটোৰ সৈতে কিছুদিনৰ পৰা অনুশীলন কৰি আহিছে আৰু ক্লাবটোৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত খেলপথাৰত নামিব পাৰে।
ডুৰাণ্ড কাপক এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। ১৮৮৮ চনত শ্বিমলাত ছাৰ মৰ্টিমাৰ ডুৰাণ্ডে প্ৰতিষ্ঠা কৰা এই প্ৰতিযোগিতাত ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল), আই-লীগ, আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলসমূহে অংশগ্ৰহণ কৰে।
অভিনয়ৰ পিছত এতিয়া ফুটবল খেলপথাৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সাজু টাইগাৰ শ্ৰফ। এই খবৰে তেওঁৰ অনুৰাগীক আনন্দিত কৰিছে। RevSportz ৰ এক প্ৰতিবেদন অনুসৰি টাইগাৰে দলটোৰ সৈতে আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰিছে। সূত্ৰই জনোৱা মতে, তেওঁ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত খেলাৰ সম্ভাৱনা আছে। মুম্বাই এফ চিয়ে ৩০ জুলাইত গ্ৰুপ পৰ্যায়ৰ খেলৰ বাবে শ্বিলংলৈ ৰাওনা হ’ব, য’ত দলটোৱে নিজৰ সকলো মেচ খেলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















