ৰঙীণ পৃথিৱীত মাতাল একাংশ। বিলাসী জীৱনশৈলী আৰু আধুনিক মানসিকতাই একাংশ লোকক ৰঙীণ পৃথিৱীৰ মোহত আৱদ্ধ কৰি তুলিছে। ক্ষণস্থায়ী আনন্দ, সুৰা, পাৰ্টি, নাৰীয়ে সকলো বুলি ভাবিবলৈ লৈছে। ফলত এই বাসনাই বহু লোকক ভুল পথলৈ ঠেলি দিছে। ইয়াৰ ফলত শিক্ষা, কৰ্মজীৱন, পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক মূল্যবোধ ক্ষতিগ্ৰস্ত হৈছে।
এই মায়াজালতো যেন বন্দী একাংশ নামী-দামী লোকৰ লগতে নেতা-মন্ত্ৰীসকলো। এইবাৰ তেনে এটা কথা পোহৰলৈ আনিছে Asom Live 24 এ। এটি অনুষ্ঠানৰ সাক্ষাতকাৰত মডেল লিচা বৰাই কেমেৰাৰ সন্মুখতে এই বিস্ফোৰক দাবী তুলিছে। তেওঁ কয় যে, মন্ত্ৰী-বিধায়কৰ নামত এটা ফোন আহিছিল যে Dance কৰা আৰু Drinks কৰা ছোৱালী লাগে । ৮০০০০ টকা দিব । তেতিয়া সুধিছিলো যে কোনো যৌন কাম কৰিবৰ বাবে লাগে যদি S*ex worker বিচাৰক।
কিন্তু মডেলগৰাকীৰ সন্দেহ যে সেইজন মন্ত্ৰী নাছিল । কোনোবাই মন্ত্ৰীৰ নামত বদমাচি কৰিছিল। অৱশ্যে যিগৰাকী মন্ত্ৰীৰ নাম লৈছিল সেয়া এগৰাকী জনপ্ৰিয় মন্ত্ৰী।
কেৱল সেয়াই নহয়, জনপ্ৰিয় কণ্ঠশিল্পীৰ পৰাও পাইছিল অফাৰ। জনপ্ৰিয় গায়কেও Homestay লৈ মাতিছিল মিউজিক এলবামত কাম দিয়াৰ প্ৰলোভনেৰে। এই বাৰ্তালাপত মডেলগৰাকীয়ে মডেলিং জগতৰ বহু আচৰিত কাহিনীৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ লগতে কিদৰে একাংশই প্ৰথমে টকাৰ লোভ তাৰ পিছত কম্প্ৰোমাইজ কৰাৰ অফাৰ দিয়ে সেয়াও জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















