গ্ৰীষ্ম আৰু বৰ্ষাৰ সময় আহিলেই ঘৰৰ দেৱাল, খিৰিকী, বাৰাণ্ডা আদিত জেঠী দেখা পোৱাটো এক সাধাৰণ ঘটনা। বহুতে জেঠীক দেখিলে ভয় খায়। জেঠী ঘৰৰ ভিতৰত থাকিলে বহুতেই অসুবিধাত পৰে। আনহাতে জেঠী ঘৰত থাকিলে লেতেৰা অনুভৱো হয়। কিছুমান সুগন্ধিযুক্ত গছৰ জৰিয়তে জেঠীক আপোনাৰ ঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰি। এই গছবোৰৰ প্ৰাকৃতিক তীব্ৰ সুগন্ধ জেঠীয়ে বিশেষ পছন্দ নকৰে। অৱশ্যে এই গছবোৰে জেঠীক আপোনাৰ ঘৰৰ ওচৰলৈ অহাৰ আশংকাক যথেষ্ট হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।
পদিনা আৰু তুলসী

পদিনাৰ সতেজ সুগন্ধ আৰু তুলসীৰ প্ৰাকৃতিক সুবাসে বহু সৰু পোক-পতংগ দূৰত ৰাখে। জেঠীয়ে মূলতঃ এই পোক-পতংগৰ সন্ধানতেই ঘৰত প্ৰৱেশ কৰে। সেয়ে এই গছবোৰ ঘৰত থাকিলে জেঠীৰ আহ-যাহ কিছু পৰিমাণে কমিব পাৰে।
লেভেণ্ডাৰৰ সুগন্ধিয়ে দিব পাৰে সুফল

বিশেষজ্ঞসকলৰ মতে, ঘৰত জেঠীৰ সমস্যা থাকিলে লেভেণ্ডাৰৰ গছ ৰোপণ কৰিব পাৰে। লেভেণ্ডাৰ নিজৰ তীব্ৰ আৰু মনোমোহা সুগন্ধৰ বাবে জনাজাত। ইয়াৰ সুগন্ধ বহু সৰু পোক-পতংগ আৰু কিছুমান জীৱে সহ্য কৰিব নোৱাৰে। সেইবাবেই বাৰাণ্ডা বা খোলা ঠাইত এই গছ ৰোপণ কৰাৰ পৰামৰ্শ দিয়া হয়।
লেমনগ্ৰাছ আৰু ৰোজমেৰীও উপযোগী

লেমনগ্ৰাছৰ নেমুৰ দৰে তীব্ৰ সুগন্ধে পোক-পতংগ দূৰত ৰাখিবলৈ সহায়ক বুলি ধৰা হয়। এই গছ ৰদ পোৱা ঠাইত ৰোপণ কৰিলে অধিক ভাল ফল পোৱা যায়। আনহাতে, ৰোজমেৰীৰ পাতৰ পৰা ওলোৱা সুগন্ধও জেঠীক বিশেষভাৱে আকৰ্ষিত নকৰে। এই গছে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে পাকঘৰতো বিভিন্ন খাদ্য তৈয়াৰত ব্যৱহাৰ কৰিব পাৰি।
পৰিষ্কাৰ-পৰিচ্ছন্নতাও অতি জৰুৰী
কেৱল সুগন্ধিযুক্ত গছ ৰোপণ কৰিলেই যথেষ্ট নহয়। ঘৰ আৰু বাৰাণ্ডা নিয়মীয়াকৈ পৰিষ্কাৰ কৰি ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ। আৱৰ্জনা জমা হ’ব নিদিব, খাদ্যবস্তু খোলা অৱস্থাত নাৰাখিব আৰু দেৱাল বা খিৰিকীৰ ফাঁকসমূহ বন্ধ কৰি ৰাখিব। এই অভ্যাসসমূহৰ লগতে সুগন্ধিযুক্ত গছৰ ব্যৱহাৰে জেঠীৰ ঘৰত প্ৰৱেশৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















