টীম ইণ্ডিয়াৰ মুখ্য নিৰ্বাচক পদৰ পৰা অজিত আগৰকাৰক অপসাৰণ কৰা হ’ব পাৰে বুলি খবৰ ওলাইছে। ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক হিচাপে অজিত আগৰকাৰৰ কাৰ্যকালৰ অন্ত পৰিব চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত। জুনত ৩ মাহৰ বাবে বৃদ্ধি পাইছিল অজিত আগাৰকাৰৰ কাৰ্যকাল। ইয়াৰ পূৰ্বে BCCI-এ আগৰকাৰৰ কাৰ্যকাল ছেপ্টেম্বৰৰ পৰা অহা বছৰৰ এদিনীয়া বিশ্বকাপলৈ বৃদ্ধি কৰিব বুলি খবৰ ওলাইছিল। কিন্তু ইংলেণ্ডত শেহতীয়াকৈ হোৱা প্ৰদৰ্শনৰ পিছতে BCCI-এ আগৰকাৰক অপসাৰণ কৰাৰ কথা চিন্তা কৰিছে বুলি খবৰ আহিছে। ‘দৈনিক জাগৰণ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আগৰকাৰৰ ঠাইত টিম ইণ্ডিয়াৰ নতুন মুখ্য নিৰ্বাচক হিচাপে ভিভিএছ লক্ষ্মণক নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে BCCIৰ একাংশ বিষয়াই।
শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণৰ দ্বিতীয়খন এদিনীয়াৰ পূৰ্বে ৰোহিত শৰ্মাৰ কেৰিয়াৰৰ অন্ত পৰাৰ খবৰ ওলাইছিল। ইয়াৰ পাছতে BCCIৰ সচিব দেৱজিৎ শইকীয়াই মুখ্য নিৰ্বাচকৰ সৈতে পৰামৰ্শ নোলোৱাকৈ ঘোষণা কৰে যে ৰোহিতে দলৰ পৰিকল্পনাৰ অংশ হৈ থকালৈকে খেলিব আৰু তাৰ পিছত ৰোহিতে ইংলেণ্ডত তৃতীয়খন এদিনীয়াত এটা দুৰ্দান্ত শতক অৰ্জন কৰে। এই সকলোবোৰ ঘটনাই আগৰকাৰৰ বাবে পৰিস্থিতি জটিল কৰি তোলে। BCCIৰ এটা একাংশ বিষয়ববীয়াই অজিত আগৰকাৰৰ ঠাইত ভিভিএছ লক্ষ্মণক মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে।
ৰাষ্ট্ৰীয় সংবাদপত্ৰখনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি আগৰকাৰক অপসাৰণ কৰি ভিভিএছ লক্ষ্মণক মুখ্য নিৰ্বাচক হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তৰ মাজত বৰ্তমান BCCI-এ এক দ্বিধাদ্বন্দ্বৰ মাজত আছে। সহজ ভাষাত ক’বলৈ গ’লে বৰ্তমান এই বিষয়টো বিবেচনাধীন হৈ আছে আৰু ছেপ্টেম্বৰ মাহত BCCIৰ বাৰ্ষিক সভাত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব পাৰে। শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ ফলাফলৰ দ্বাৰা সকলো নিৰ্ণয় হ’ব। যদিহে টিম ইণ্ডিয়াই টেষ্ট শৃংখলাত জয়ী হ’বলৈ সক্ষম হয় তেন্তে অজিত আগৰকাৰৰ কাৰ্যকাল বৃদ্ধি হ’ব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















