এফালে বান বিধ্বস্ত উজনিৰ এতিয়াও আঁতৰা নাই দুৰ্দশা। তাৰ মাজতে শিৱসাগৰত নিশা আহে প্ৰচণ্ড ধুমুহা-বৰষুণ ।

ৰাজপথত বাগৰি পৰিছে প্রকাণ্ড গছ। এই ধুমুহাৰ ফলত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে।

নিশা অহা ধুমুহাই উৰুৱাই লৈ যায় বন্যাৰ্তৰ আশ্ৰয় শিবিৰ। আলৈ-আথানি হৈছে বহুলোকৰ।

প্ৰৱল বৃষ্টিপাতৰ ফলত কৃত্ৰিম বানত বুৰিল শিৱসাগৰৰ কিছু অঞ্চল। ব্যাহত হৈ পৰিছে বিদ্যুত যোগানো।

ধুমুহৰ ফলত বিদ্যুতৰ তাৰ চিগি যায় আৰু বিদ্যুৎ পৰিবাহী খুঁটাও উভালি পৰে। ফলত কেইবাটাও অঞ্চলৰ বিদ্যুৎ সেৱা ব্যাহত হয়।

নিশা অহা ধুমুহাক দেখি আতংকিত ৰাইজৰ চিঞৰ। এতিয়া সকলো চিন্তিত ৰুষ্ট হৈছে নেকি প্ৰকৃতি!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















