বন্ধ হ’ব নীতি-নিয়ম নমনা অসমৰ একাংশ মাদ্ৰাছা! দেশৰ বিভিন্ন প্ৰান্তত মাদ্ৰাছাসমূহৰ শিক্ষা ব্যৱস্থা, প্ৰশাসনিক নীতি আৰু চৰকাৰী নিয়ম-কানুনক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে শ্বৰিয়ত তথা প্ৰযোজ্য চৰকাৰী বিধি-নিৰ্দেশনা পালন নকৰা মাদ্ৰাছাসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিয়া হৈছে। শিক্ষা প্ৰতিষ্ঠান হিচাপে মাদ্ৰাছাসমূহেও নিৰ্দিষ্ট আইন, প্ৰশাসনিক নিৰ্দেশনা আৰু শিক্ষাৰ মানদণ্ড মানি চলিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে।
প্ৰশাসনৰ তৰফৰ পৰা মাদ্ৰাছাসমূহক চৰকাৰী নিয়ম-নীতি অনুসৰণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ বাবে সুৰক্ষিত আৰু শৃংখলাবদ্ধ শিক্ষাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিশেষকৈ পঞ্জীয়ন, শিক্ষক-কৰ্মচাৰীৰ তথ্য, শিক্ষাৰ্থীৰ নথি, পাঠদানৰ ব্যৱস্থা, বিত্তীয় স্বচ্ছতা আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ সঠিকভাৱে সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
এই মাদ্ৰাছালৈ ৩০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। সদৌ অসম তনজিম মাদাৰিছ ক্লৌমিয়াই বান্ধি দিলে এই নিয়ম। অসমৰ ছোৱালী মাদ্ৰাছায়ো মানিব লাগিব ১০ টাকৈ নিয়ম। এতিয়াৰে পৰা ক্লৌমি মাদ্ৰাছাত প্ৰশাসনে ছাত্ৰীৰ সুৰক্ষা সু-নিশ্চিত কৰিব লাগিব। মাদ্ৰাছাৰ ছাত্ৰীবাসত বাধ্যতামূলকভাৱে স্থাপন কৰিব লাগিব CCTV, থাকিব লাগিব বাউণ্ডাৰী ৱাল, নৈশ প্ৰহৰীৰ ব্যৱস্থা। শিক্ষাদান কৰা পুৰুষ শিক্ষকসকলৰ ক্ষেত্ৰতো তনজিমে বান্ধি দিলে নিয়ম।
এই মাদ্ৰাছাত এহাল স্বামী-স্ত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তত্বাৱধায়ক হিচাপে থাকিব লাগিব। ছাত্ৰীৰ শুৱনি কোঠাত থাকিব লাগিব শোৱাৰ সঠিক ব্যৱস্থা। মাদ্ৰাছাৰ চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন,বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও থাকিব লাগিব। ৩৪০ খন ছোৱালী মাদ্ৰাছাৰ প্ৰতিনিধিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি নিয়ম নামানে, তেন্তে মাদ্ৰাছাক আঁতৰোৱা হ’ব তনজিম ব’ৰ্ডৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















