আজিকালি সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে ভৰিত ক্ৰকছৰ পিন্ধে। ই পিন্ধিবলৈ আৰামদায়ক হোৱাৰ বাবে জনপ্ৰিয়তা বহু পৰিমাণে বৃদ্ধি পাইছে। কিন্তু চিকিৎসকে সকীয়াই দিছে যে যদি আপুনি এই ক্ৰকছ নিয়মিতভাৱে পিন্ধে তেন্তে আপুনি গম নোপোৱাকৈয়ে আপোনাৰ আৰু আপোনাৰ সন্তানৰ ভৰিৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।
চিকাগোৰ এগৰাকী প্ৰখ্যাত প’ডিয়াট্ৰিষ্ট ডাঃ মেগান লিয়াহীয়ে কয় যে ক্ৰ’কছ গোটেই দিনটো পিন্ধিবলৈ উপযোগী নহয়। এই জোতাৰ পিছফালে গোৰোহাক সঠিকভাৱে সহায় কৰিব পৰাকৈ শক্তিশালী গঠন নাথাকে। ফলত ভৰিৰ আঙুলিবোৰে খোজ কঢ়াৰ সময়ত ভাৰসাম্য ৰক্ষাৰ বাবে অধিক কষ্ট কৰিবলগীয়া হয়।
এনে অত্যধিক ব্যায়ামৰ বাবে ভৰিৰ স্নায়ু আৰু পেশীৰ ওপৰত তীব্ৰ চাপৰ ফলত বিভিন্ন সমস্যা আৰম্ভ হয়। দীৰ্ঘদিন এই জোতা পিন্ধিলে পেশীত প্ৰদাহ বা টেণ্ডোনাইটিছ হোৱাটো অতি স্বাভাৱিক। চিকিৎসকে কয় যে আঙুলি বেঁকা বা জঠৰ হোৱাৰ দৰে সমস্যাও হ’ব পাৰে।
এই জোতাৰ মিডছল অতি কোমল, গতিকে ই সঠিক আৰ্ক সমৰ্থন প্ৰদানৰ বাবে একেবাৰেই উপযোগী নহয়। বেছি সময় পিন্ধিলে প্লাণ্টাৰ ফেচিয়াটিছ বা গোৰোহাৰ বিষ হ’ব পাৰে। ইতিমধ্যে ভৰিৰ বিষত ভুগি থকাসকলে কেতিয়াও এই চেণ্ডেল পিন্ধিব নালাগে।
শিশুৰ বাবে এই জোতাৰ ব্যৱহাৰ আৰু অধিক বিপদজনক হ’ব পাৰে। বিশেষকৈ দৌৰি বা খেলিলে এই জোতা সহজেই ভৰিৰ পৰা পিছলি যাব পাৰে, যাৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায়। ফলত শিশুৱে উজুটি খাই পৰি গুৰুতৰভাৱে আঘাত পোৱাৰ আশংকা থাকে।
শ্বপিং মলত এস্কেলেটৰ বা চলন্ত চিৰিত ক্ৰ’ক পিন্ধাটো শিশুৰ বাবে অত্যন্ত বিপজ্জনক। জোতাৰ কোমল সামগ্ৰী এস্কেলেটৰৰ খাঁজত আবদ্ধ হৈ পৰাৰ বাবে বিশ্বজুৰি কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। গতিকে শিশুৰ সুৰক্ষাৰ বাবে এনে চেণ্ডেল পৰিহাৰ কৰাটো বুদ্ধিমানৰ কাম।
ডাক্তৰে কয় যে খোজ কঢ়া, বাৰীত কাম কৰা, চুইমিং পুললৈ যোৱাৰ সময়ত কম সময়ৰ বাবে পিন্ধিব পাৰি। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা খোজ কাঢ়িবলৈ বা গোটেই দিনটো ইয়াত থকাৰ বাবে কেতিয়াও উপযোগী নহয়।
ভৰিৰ স্বাস্থ্য বজাই ৰাখিবলৈ সদায় সঠিক আকাৰ আৰু মজবুত জোতা বাছি ল’ব লাগে। দৈনন্দিন ব্যৱহাৰৰ বাবে স্নিকাৰ বা ভাল স্প’ৰ্টছ জোতা বহুত বেছি নিৰাপদ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















