এসময়ত কল্পবিজ্ঞানৰ কাহিনীৰ বিষয় যেন লগা মহাকাশত খাদ্য উৎপাদনৰ সপোন এতিয়া বাস্তৱৰ দিশে আগবাঢ়িছে। চীনৰ মহাকাশ গৱেষণাত এক উল্লেখযোগ্য সফলতা হিচাপে Tiangong মহাকাশ কেন্দ্ৰত মহাকাশচাৰীসকলে প্ৰথমবাৰৰ বাবে ধানৰ শস্য চপাবলৈ সক্ষম হৈছে। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। এই সফলতাই ভৱিষ্যতে চন্দ্ৰ, মংগল গ্ৰহ তথা অন্যান্য মহাকাশ অভিযানত পৃথিৱীৰ পৰা খাদ্যৰ যোগানৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰাকৈ খাদ্য উৎপাদনৰ পথ প্ৰশস্ত কৰিব পাৰে।
মহাকাশত প্ৰথম ধানৰ শস্য চপালে চীনে
চীনৰ Global Timesৰ প্ৰতিবেদন অনুসৰি, ২৪ মে’ত উৎক্ষেপণ কৰা Shenzhou-23 অভিযানৰ জৰিয়তে ধানৰ বীজ Tiangong মহাকাশ কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। দুমাহৰো অধিক সময় ধৰি মহাকাশৰ বিশেষ পৰিৱেশত ধানৰ যতন লোৱাৰ পিছত মহাকাশচাৰী ঝু য়াংঝু, ঝাং ঝিয়ুআন আৰু লাই কা-য়িঙে ধানৰ প্ৰথমটো শস্য সংগ্ৰহ কৰে। China Manned Space Agency-এ প্ৰকাশ কৰা ভিডিঅ’ত মহাকাশচাৰীসকলক ধান চপাই তাৰ নমুনা সংৰক্ষণ কৰা দেখা গৈছে। এই নমুনাসমূহ পৰৱৰ্তী সময়ত বিজ্ঞানীসকলে বিশ্লেষণ কৰিব।
২০২২ চনতো চীনে কৰিছিল পৰীক্ষা
মহাকাশত ধান খেতিৰ ক্ষেত্ৰত চীনৰ এইটো প্ৰথম প্ৰচেষ্টা নহয়। ২০২২ চনত Tiangong মহাকাশ কেন্দ্ৰত চীনা মহাকাশচাৰীসকলে বিশ্বৰ প্ৰথম সম্পূৰ্ণ জীৱন চক্ৰৰ ধান খেতিৰ পৰীক্ষা সম্পন্ন কৰিছিল। সেই পৰীক্ষাত ছটা ধানৰ বীজ প্ৰায় ১২০ দিন মহাকাশত ৰখা হৈছিল। পৰীক্ষাৰ অন্তত এই বীজসমূহৰ পৰা উৎপাদিত ৫৯টা নতুন বীজ পৃথিৱীলৈ ঘূৰাই অনা হৈছিল আৰু সেইবোৰৰ ওপৰত গৱেষণা চলোৱা হৈছিল। বৰ্তমানৰ পৰীক্ষাত বিজ্ঞানীসকলে দুটা ধৰণৰ japonica ধান ব্যৱহাৰ কৰিছে। ইয়াৰে এটা হৈছে মহাকাশলৈ কেতিয়াও নোযোৱা সাধাৰণ বীজ, আনটো হৈছে ২০২২ চনৰ মহাকাশত উৎপাদিত ধানৰ পৰা পোৱা বংশধৰ বীজ।
কিয় এই পৰীক্ষা ইমান গুৰুত্বপূৰ্ণ?
মহাকাশত ধান উৎপাদনৰ মূল উদ্দেশ্য কেৱল নতুন অভিলেখ সৃষ্টি কৰা নহয়। বিজ্ঞানীসকলে জানিব বিচাৰিছে—মহাকাশৰ পৰিৱেশত সম্পূৰ্ণৰূপে খাদ্য উৎপাদন কৰাটো সম্ভৱনে? ভৱিষ্যতে মানুহে যদি চন্দ্ৰ বা মংগল গ্ৰহত দীৰ্ঘসময় ধৰি থাকিবলগীয়া হয়, তেন্তে প্ৰতিবাৰ পৃথিৱীৰ পৰা খাদ্য পঠিয়াই থকাটো অত্যন্ত কঠিন আৰু ব্যয়বহুল হ’ব পাৰে। সেয়েহে মহাকাশতে শস্য উৎপাদন কৰিব পাৰিলে দীৰ্ঘম্যাদী মহাকাশ অভিযান অধিক আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে। বিশেষকৈ মংগল গ্ৰহলৈ মানুহৰ সম্ভাব্য ভৱিষ্যৎ অভিযানৰ ক্ষেত্ৰত এনে প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
মহাকাশত ধানৰ একাধিক প্ৰজন্মৰ ওপৰত গৱেষণা
এইবাৰৰ পৰীক্ষাৰ আন এক বিশেষ দিশ হৈছে মহাকাশত ধানৰ একেৰাহে দুটা প্ৰজন্ম উৎপাদনৰ চেষ্টা। অৰ্থাৎ প্ৰথমে বীজৰ পৰা ধানৰ গছ উৎপাদন কৰা হ’ব আৰু সেই গছৰ পৰা পোৱা নতুন বীজৰ জৰিয়তে পুনৰ পৰৱৰ্তী প্ৰজন্মৰ ধান উৎপাদনৰ চেষ্টা চলোৱা হ’ব। ইয়াৰ জৰিয়তে বিজ্ঞানীসকলে জানিবলৈ চেষ্টা কৰিব যে মহাকাশৰ পৰিৱেশৰ সৈতে ধানৰ পৰৱৰ্তী প্ৰজন্মসমূহ ক্ৰমে অধিক খাপ খাব পাৰে নেকি।
দুটা পদ্ধতিৰে চলিছে ধান খেতিৰ পৰীক্ষা
এই গৱেষণাত মুঠ চাৰিটা cultivation unit ব্যৱহাৰ কৰা হৈছে। প্ৰতিটো ইউনিটত ছটাকৈ ধানৰ বীজ ৰখা হৈছে। পৰীক্ষাটো দুটা পৃথক পদ্ধতিৰে চলোৱা হৈছে।
প্ৰথমটো পদ্ধতিত সাধাৰণ বীজৰ পৰা গছ আৰু পুনৰ বীজলৈ যোৱা প্ৰজনন প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে মহাকাশত পূৰ্বে খেতি কৰা ধানৰ বংশধৰসমূহে মহাকাশৰ পৰিৱেশৰ সৈতে অধিক ভালদৰে খাপ খাব পাৰে নেকি, সেই বিষয়ে অধ্যয়ন কৰা হ’ব।

আনহাতে দ্বিতীয়টো পদ্ধতিত ‘ratooning’ নামৰ কৌশল ব্যৱহাৰ কৰা হৈছে। এই পদ্ধতিত প্ৰথমবাৰৰ শস্য চপোৱাৰ পিছত গছৰ শিপা বা অৱশিষ্ট অংশৰ পৰা নতুন গজালি ওলাই পুনৰ শস্য উৎপাদন কৰে। মহাকাশৰ ক্ষুদ্ৰ-গুৰূত্বাকৰ্ষণৰ পৰিৱেশত এই পদ্ধতি কিমান ফলপ্ৰসূ, সেইটোও বিজ্ঞানীসকলে পৰীক্ষা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















