বলীউডৰ অভিনেত্ৰী মল্লিকা শ্বেৰাৱত সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰি আছে। কাৰণ মল্লিকাৰ নতুন শ্ব’, য’ত অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ ষ্টাইল ভাল পাইছে। হয়, বৰ্তমান তেওঁ কৰণ জোহৰৰ শ্ব’ “দ্য ট্ৰেইটাৰ্ছ ২”ৰ অংশ, যিটো আমাজন প্ৰাইম ভিডিঅ’ত ষ্ট্ৰীমিং হৈ আছে। কিন্তু মল্লিকা শ্বেৰাৱতৰ প্ৰকৃত নামটো কি জানেনে?
বছৰ বছৰ ধৰি অনুৰাগীৰ হৃদস্পন্দন বৃদ্ধি কৰা মল্লিকা শ্বেৰাৱাতে শেষবাৰৰ বাবে অভিনয় কৰিছিল “ভিকি বিদ্যা কা ৱ’ ৱালা ভিডিঅ’” ছবিখনত।

“ভিকি বিদ্যা কা ৱ’ ৱালা ভিডিঅ’”ৰ পিছত তেওঁক কোনো ছবিত দেখা পোৱা নাই। কিন্তু ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু ইভেণ্টৰ জৰিয়তে মল্লিকাই যথেষ্ট উপাৰ্জন কৰে। আপুনি জানেনে যে বলীউডৰ তাৰকা হোৱাৰ আগতে তেওঁৰ নাম আছিল ৰীমা লাম্বা। কিয় তেওঁৰ নামটো ৰীমাৰ পৰা মল্লিকালৈ সলনি কৰিব লগা হ’ল জানেনে?

মেশ্বেবল ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত মল্লিকা শ্বেৰাৱাতে নিজৰ নাম সলনি কৰাৰ কথা প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে কয়, “যেতিয়া মই বলীউডত প্ৰৱেশ কৰিছিলো তেতিয়া মই মোৰ নাম সলনি কৰিছিলো। ইণ্ডাষ্ট্ৰীত বহু ৰীমা আছিল। সেই সময়ত পৰিচালকে কৈছিল, ‘ৰীমাক পৰ্দাত ভাল দেখা নাযাব, সেয়ে মই মোৰ নাম সলনি কৰোঁ।’

মল্লিকা শ্বেৰাৱাতে প্ৰকাশ কৰে যে পৰিচালকে তেওঁক এটা গ্লেমাৰাছ নাম বাছি ল’বলৈ কৈছিল, কিয়নো ৰীমা ইমান গ্লেমাৰাছ নাছিল। মল্লিকাই এই সন্দৰ্ভত কয় যে, ‘ঠিক আছে, যি নামেৰেই হওক তাত মোৰ আপত্তি নাই।’ তাৰ পিছত পৰিচালকগৰাকীয়ে ‘মল্লিকা’ বুলি পৰামৰ্শ দিলে আৰু নামটো পছন্দও হ’ল, গতিকে তেনেকৈয়ে ‘মল্লিকা’ নামটো আহিল।”

নিজৰ উপাধিৰ সন্দৰ্ভত মল্লিকাই কয়, “তেওঁলোকে ‘শ্বেৰাৱত’ যোগ কৰিলে কাৰণ মই যেতিয়া মই চিনেমাৰ বাবে মুম্বাইলৈ যাব বিচাৰো বুলি কৈছিলো, তেতিয়া মোৰ পৰিয়ালে মোক একপ্ৰকাৰ অস্বীকাৰ কৰিছিল। সেয়ে মই দেউতাৰ উপাধিৰ সলনি মোৰ মাৰ উপাধিটো গ্ৰহণ কৰিলোঁ।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















