বেটেৰে নোৱাৰিলেও দলীপ ট্ৰফী ২০২৬ৰ কোৱাৰ্টাৰ ফাইনেলত বলেৰে চমক দেখুৱালে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে। ইষ্ট জ’নৰ হৈ খেলি থকা বৈভৱে নৰ্থ-ইষ্ট জ’নৰ বিৰুদ্ধে মাত্ৰ ৪টা বলৰ ব্যৱধানত দুটাকৈ উইকেট দখল কৰে। তেওঁৰ এই প্ৰদৰ্শনে ইষ্ট জ’নৰ বৃহৎ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নৰ্থ-ইষ্ট জ’নৰ দ্বিতীয় ইনিংছত নিজৰ দ্বিতীয় অভাৰত বলিং কৰিবলৈ আহিছিল বৈভৱে। বৈভৱৰ অভাৰৰ দ্বিতীয়টো বলতে এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি কিষাণ লিংদোহে নিজৰ উইকেট হেৰুৱায়। ছাবষ্টিটিউট ফিল্ডাৰ হিচাপে ফিল্ডিং কৰা অসমৰ ডানিছ দাসে কেচটো ধৰি লিংদোহক পেভিলিয়নৰ ৰাস্তা দেখুৱায়।
ইয়াৰ পিছত ক্ৰিজলৈ আহে ইমলীৱাটি লেমটূৰ। প্ৰথমটো বলত তেওঁ চাৰি ৰান সংগ্ৰহ কৰে। কিন্তু বৈভৱে অভাৰৰ পঞ্চম বলতে লেমটূৰকো আউট কৰে। উইকেটকীপাৰ ঈশান কিষাণে তেওঁৰ কেচ ধৰে। ফলত মাত্ৰ ৪টা বলৰ ভিতৰতে দুটা উইকেট লাভ কৰে ১৫ বছৰীয়া বৈভৱে। মেচখনত বৈভৱে মুঠ ৩ অভাৰ বলিং কৰি ১১ ৰানৰ বিনিময়ত ২টা উইকেট দখল কৰে।
মেচখনত প্ৰথমে বেটিং কৰি ইষ্ট জ’নে ৪৬৭ ৰানৰ বৃহৎ স্ক’ৰ সংগ্ৰহ কৰে। দলটোৰ হৈ অলৰাউণ্ডাৰ ছাহবাজ আহমেদে দুৰ্দান্ত বেটিং কৰি ১৬৭ ৰান সংগ্ৰহ কৰে। এয়া তেওঁৰ ফাৰ্ষ্ট ক্লাছ কেৰিয়াৰৰ সৰ্বোচ্চ স্ক’ৰ। আনহাতে সুদীপ কুমাৰ ঘৰামীয়ে ১৪৬ ৰান আৰু কুমাৰ কুছাগ্ৰাই ৫৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। অৱশ্য়ে বেটিঙত ব্যৰ্থ হয় সূৰ্যবংশী। ইয়াৰ প্ৰত্যুত্তৰত নৰ্থ ইষ্ট জ’নৰ প্ৰথম ইনিংছ মাত্ৰ ১১১ ৰানতে সমাপ্ত হয়। ইষ্ট জ’নৰ অভিজিত কে সৰকাৰে ৫টা উইকেট দখল কৰাৰ বিপৰীতে ছাহবাজ আহমেদে লাভ কৰে ৩টা উইকেট। ফলত ইষ্ট জ’নে প্ৰথম ইনিংছত ৩৫৬ ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰে আৰু নৰ্থ ইষ্ট জ’নক ফ’ল’অন কৰিবলৈ বাধ্য কৰে।
ফ’ল’অনৰ পিছত দ্বিতীয় ইনিংছতো নৰ্থ ইষ্ট জ’নৰ বেটাৰসকলে বিশেষ প্ৰতিৰোধ গঢ়ি তুলিব নোৱাৰিলে। এটাৰ পিছত এটাকৈ উইকেট হেৰুৱাই দলটো এসময়ত ১০২ ৰানত ৮টা উইকেট হেৰুৱাই বিপদত পৰে। ইনিংছৰ পৰাজয়ৰ পৰা ৰক্ষা পাবলৈ দলটোক তেতিয়াও আৰু ২৫৪ ৰানৰ প্ৰয়োজন আছিল। দ্বিতীয় ইনিংছৰ আৰম্ভণিতে মহম্মদ ছামি আৰু মুকেশ কুমাৰে নতুন বলৰে নৰ্থ ইষ্ট জ’নৰ বেটাৰসকলৰ ওপৰত চাপ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত ছাহবাজ আহমেদ আৰু অনুকূল ৰায়েও উইকেট দখল কৰে। ইয়াৰ মাজতে বৈভৱ সূৰ্যবংশীয়ে এটা অভাৰতে দুটা উইকেট দখল কৰি ইষ্ট জ’নৰ জয় নিশ্চিত কৰাৰ পথ আৰু মুকলি কৰি দিয়ে।
এই প্ৰতিবেদনটো যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















