নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন T20ত ৭ উইকেটৰ দৰ্শনীয় জয় সাব্যস্ত কৰিলে ভাৰতে। এই জয়ৰ লগে লগে তিনিখনীয়া শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি ছিৰিজ দখল কৰিলে টীম ইণ্ডিয়াই।
টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱা ভাৰতীয় দলটোৱে আৰম্ভণিৰ পৰাই নিয়ন্ত্ৰিত বলিং প্ৰদৰ্শন কৰে। ভাৰতীয় বলাৰৰ সন্মুখত আফগানিস্তানৰ টপ অৰ্ডাৰ বিশেষ সফল নহ’ল। উদীয়মান অলৰাউণ্ডাৰ নিতীশ কুমাৰ ৰেড্ডীয়ে উজ্জ্বল বলিং প্ৰদৰ্শনেৰে আফগানিস্তানৰ মিডল অৰ্ডাৰত আঘাত হানে। নিতীশে ২৪ ৰানত ৩টা উইকেট দখল কৰে। আনহাতে, যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙেও নিয়ন্ত্ৰিত বলিংৰে আফগান বেটাৰসকলক মুক্তভাৱে খেলাৰ সুযোগ নিদিলে।
অৱশ্যে ইনিংছৰ শেষৰ ফালে মহম্মদ নবী আৰু অধিনায়ক ৰছিদ খানে আক্ৰমণাত্মক বেটিং কৰি দলৰ স্ক’ৰ কিছু শক্তিশালী কৰে। ৰছিদে মাত্ৰ ১৫টা বলত ২৮ ৰান সংগ্ৰহ কৰে। তথাপিও ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত প্ৰদৰ্শনৰ ফলত আফগানিস্তান ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৯ ৰানতে সীমাবদ্ধ থাকে।
অপেনাৰ সঞ্জু চেমছনে দেখুৱায় তেওঁৰ বিস্ফোৰক বেটিং। মাত্ৰ ২২টা বলত ৫৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলি ভাৰতৰ জয় সহজ কৰি তোলে ছামছনে। তেওঁৰ ইনিংছত আছিল ৭টা চাৰি আৰু ৪টা ছয়।
আফগানিস্তানৰ অধিনায়ক ৰছিদ খানে ৩টা উইকেট দখল কৰি ভাৰতক কিছু চাপত পেলাবলৈ সক্ষম হৈছিল যদিও ছামছনৰ আক্ৰমণাত্মক বেটিঙৰ সন্মুখত সেয়া পৰ্যাপ্ত নহ’ল। ভাৰতে মাত্ৰ ১৪.৫ অভাৰত ৩টা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্ৰহ কৰি জয় নিশ্চিত কৰে। হাতত ৭টা উইকেট আৰু ৩১টা বল বাকী থাকোঁতেই জয় লাভ কৰে টীম ইণ্ডিয়াই।
এই জয়ৰ লগে লগে ভাৰত তিনিখনীয়া T20 শৃংখলাত ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি ছিৰিজ দখল কৰে। এতিয়া শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন T20 অনুষ্ঠিত হ’ব ১৭ ছেপ্টেম্বৰত। শৃংখলা ইতিমধ্যে জয় কৰা ভাৰতৰ লক্ষ্য হ’ব আফগানিস্তানক ৩-০ ব্যৱধানত পৰাস্ত কৰি শৃংখলা হোৱাইটৱাশ্ব সম্পূৰ্ণ কৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















