অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা বিজেপি নেতা সীমান্ত শেখৰক লৈ পুনৰ চৰ্চা। আজি বিজেপিৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰে। কেৱল সেয়াই নহয়, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো ত্যাগ কৰিলে সীমান্ত শেখৰে।

সামাজিক মাধ্যমত জনহিতাৰ্থে বহুতো পোষ্ট আহিছিল সীমান্তই। শেহতীয়াকৈ বিজেপিৰ বিধায়ক বিজয় কুমাৰ গুপ্তাই জুবিন গাৰ্গক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত সীমান্ত শেখৰে সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ কৰে। বিজয় গুপ্তাক সমালোচনা কৰি চৰ্চিত হৈছিল তেওঁ।

২০২০ চনত সীমান্ত শেখৰে আন কেইবাগৰাকীও শিল্পীৰ সৈতে বিজেপিত যোগদান কৰিছিল। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰচাৰ গীততো তেওঁ কণ্ঠদান কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্বও লাভ কৰিছিল। কিন্তু আজি হঠাতে লোৱা সিদ্ধান্তই সকলোকে আচৰিত কৰিছে।

আজি মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। কিন্তু কি কাৰণে পদত্যাগ কৰিলে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

এই পদত্যাগৰ পিছতে একাংশই সামাজিক মাধ্যমত তেওঁৰ এই সিদ্ধান্তৰ বাবে প্ৰশংসা কৰিছে। বহুলোকে জুবিন গাৰ্গৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱা বুলিও আশা কৰিছে।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















