• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

4 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

4 minutes ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

33 minutes ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

1 hour ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

2 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

2 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

3 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

3 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

7 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

8 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

জুবিনবিহীন অসম, জুবিনময় অসম

'সমীক্ষণ' আলোচনীত প্ৰকাশিত বিশ্বজ্যোতি শৰ্মাৰ এটি লেখা

editor by editor
September 28, 2026
in অসম, বিবিধ, সমীক্ষণ (আলোচনী)
0
জুবিনবিহীন অসম, জুবিনময় অসম
0
SHARES
19
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
  • বিশ্বজ্যোতি শৰ্মা

‘আকৌ এবাৰলে’

আহানা উভতি
গান গাবলে’ তোমাক লাগে…
এবছৰে মানুহজনৰ দেখা-দেখি নাই। অমৃত কণ্ঠত মায়াবিনীৰ সুৰ শুনা নাই। ৰঙালী আহিল, ৰং নাই। নাহৰৰ ফুলিল, সুগন্ধি নাই। শৰতত শেৱালিৰ সুবাস নাই। উৎসৱ আহিল, আনন্দ নাই। সকলোতে মাথোঁ ‘কিবা যেন নাই আজি নাই’। এবছৰে মানি ল’ব পৰা নাই লক্ষ লক্ষ নিঠৰুৱাই। জুবিন গাৰ্গ আৰু নাই, উলটি নাহে দুনাই। ‘তেজ মঙহৰ পৃথিৱী নেওচি জ্বলি জ্বলি ৰ’ল মাথোঁ ছাই, বুকুতে যে জুই বিয়পায়।’

এবছৰে শোক-শূন্যতাৰ জুইকুৰা নুমুওৱা নাই আৰু নুনুমায়। এবছৰে অগণিত অনুৰাগীয়ে চকুপানীৰে বাট দেখা নাই। ‘বাটেৰে শেষতে’ বাট চাই চাই অজস্ৰজনে আজিও ‘ৰৈ ৰৈ বিনায়।’
জুবিন নাই।
এয়াই শিল কঠিন সত্য।
ইমানবোৰ ‘নাই’ৰ মাজতো জিলিকি আছে জুবিন নামৰ সংগীতসূৰ্য। অৱৰ্তমানতো জুবিন গাৰ্গ বিৰাজমান, প্ৰভাৱ সৰ্বত্ৰ। জুবিনবিহীন অসমত বিয়পিছে ‘জুবিন আদৰ্শ’।
এইবাৰ উজনিলৈ আহিল বান। গুজৰি-গুমৰি অহা বানত সকলো ঠানবান। ঘৰ-দুৱাৰ হেৰাল, পথাৰ হেৰাল, হেৰাল কৃষকৰ ধান, শতজনৰ সপোন। হেৰাল জীৱনৰ গান। অসমত আৰ্তজনৰ আৰ্তনাদ আটাহ শুনি আকৌ এবাৰ জুবিন নথকাৰ অনুভৱ সকলোৰে।

গুণগুণনি সকলোতে, জুবিন গাৰ্গ থকা হ’লে!
জুবিন নাই। কিন্তু জুবিনৰ আদৰ্শ লৈ বহুতজন আহিল ওলায়। জুবিনে দেখুওৱাই যোৱাৰ দৰে সকলোৱে মেলি দিলে সহায়ৰ এখনি হাত। আৰ্তজনক জুবিনৰ দৰেই দিলে সাহস, লগতে মৰমৰ এষাৰি মাত।
কোনে কয় জুবিন নাই, এয়াচোন জুবিনেই কাটি থৈ যোৱা বাট। সেই বাটেৰে খোজ দিছে আজিৰ প্ৰজন্ম, আজিৰ সমাজ। এয়া যেন জুবিন গাৰ্গক জীয়াই ৰখাৰ আন্তৰিক প্ৰয়াস।

আজি এবছৰে প্ৰতিটো দিশত, প্ৰতিটো খোজত পূৰ্বতকৈও বাঢ়িছে জুবিন-চৰ্চা। ঈশ্বৰপুত্ৰক শ্ৰদ্ধা জনাই আৰম্ভ হৈছে প্ৰতিটো সামাজিক-সাংস্কৃতিক অনুষ্ঠান। প্ৰাৰ্থনা হৈ বাজিছে ‘মায়াবিনী’। আকাশে-বতাহে প্ৰতিপল গুঞ্জৰিত জুবিনৰ সুৰ, জুবিনৰ গান। সমাজত প্ৰতিফলিত হৈছে প্ৰকৃতিপুত্ৰই ভাল পোৱা কাম। ঈশ্বৰপুত্ৰৰ স্মৃতিত লাখ লাখ গছপুলি ৰুইছে মানুহে। তেওঁ কৈ গৈছিল— ‘য’তেই নাহৰ, ত’তেই জুবিন’। নাহৰৰ মাজতেই জুবিনক বিচাৰি প্ৰান্তে প্ৰান্তে ৰোপণ কৰা হৈছে নাহৰৰ পুলি। উদ্ভিদৰ নতুন প্ৰজাতিৰ নামেৰে থৈছে জুবিনৰ নামেৰে। বানত উটি যোৱা পিছত ন-কৈ সজাই-পৰাই প্ৰতিষ্ঠা কৰা অঞ্চলৰ নাম হৈছে জুবিন নগৰ। বাট-পথৰ নামকৰণ হৈছে জুবিন গাৰ্গৰ নামেৰে। দেৱালে দেৱালে ৰং-তুলিকাত জিলিকি উঠিছে মৰম লগা মানুহজনৰ ছবি। কবিৰ কলমে নিগৰিত হৈছে ‘জীৱিত জুবিনতকৈ মৃত জুবিন অধিক শক্তিশালী’—ক’ত নাই জুবিন? ‘গছে ক’ব সুধিলে, পাতে ক’ব সুধিলে জুবিনে গঢ়ি যোৱা পৃথিৱীৰ কথা’।
এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ মঞ্চত জুবিন গাৰ্গ!
প্ৰতিখন ভ্ৰাম্যমাণ নাট্যমঞ্চতেই প্ৰতিধ্বনিত হৈছিল জুবিন গাৰ্গৰ আপোন সুৱদি সুৰীয়া কণ্ঠ।

জুবিন গাৰ্গৰ কায়িক অনুপস্থিতিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত আকৌ আৰম্ভ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যযাত্ৰা। এইবেলি বহুকেইখন নাটকৰ নায়ক জুবিন গাৰ্গ! জুবিনৰ বৰ্ণিল জীৱন কাহিনীৰে বহু নাট্যকাৰে ৰচনা কৰিছে নাটক। একপ্ৰকাৰ জুবিনবিহীন এবছৰত জুবিনময় এই অসম।

চিনেমা হলতো জুবিন গাৰ্গ!
অসমীয়া ছবিক লৈ কিমান যে সপোন দেখিছিল জুবিন গাৰ্গে! দিন-ৰাতি একাকাৰ কৰি আছিল অসমীয়া চিনেমাৰ বাবে। প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ দৰ্শকলৈ অন্তিম উপহাৰ হিচাপে আগবঢ়াই তেওঁ গুচি গ’ল। নিজৰ ছবিখন উপভোগ কৰিবলৈও তেওঁ নাহিল। তথাপিও হলত যেন ৰজাৰ দৰেই জুবিন গাৰ্গ বহি আছিল। যিদিনা বেলতলাৰ ‘মেট্ৰিক্স’ চিনেমাজত ছবিখনৰ প্ৰথম দৰ্শনী আৰম্ভ হৈছিল, তেতিয়া জুবিন গাৰ্গৰ বাবে সজাই থোৱা হৈছিল এখন আসন। আশা—তেওঁ আহিব, আসনত বহিব আৰু নিজৰ চিনেমা উপভোগ কৰিব। ৰাজ্যৰ আন আন চিনেমা হল কৰ্তৃপক্ষয়ো অনুৰূপ ধৰণে এখন আসন খালী ৰাখিছিল জুবিন গাৰ্গৰ বাবে। পঞ্চভূতত বিলীন হোৱা বুলি জানিও তেওঁৰ যি তেজে তেজে বিলীন হৈ আছে। ইয়াতকৈ আৰু কি প্ৰমাণ লাগে?
জুবিন আছে, জুবিন থাকিব।
এবছৰে কথাবোৰ ৰহস্য হৈ আছে। পঁচিশৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত প্ৰকৃততে কি হৈছিল জুবিন অনুৰাগীয়ে নাজানে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ আইনী-আদালতত বিচাৰ চলিছে। আজি এবছৰে শতাধিক সাক্ষীয়ে সাক্ষ্যদান কৰিছে। জুবিনৰ কাষতেই থাকি গাৰ নোমৰ দৰে শত্রু হৈ পৰা অভিযুক্ত এতিয়াও জেলতেই আছে। আইনী কথাবোৰৰ সাধাৰণ লোকে নাজানে, নুবুজে। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে জুবিনৰ বাবে একগোট হোৱা মানুহে এটাই জানেঃ জুবিন গাৰ্গে ন্যায় পাব লাগে। প্ৰথম কথা ন্যায়, শেষ কথাও ন্যায়। চকুলো মচি মচি মানুহবোৰে কেতিয়াবা জুবিনৰ ন্যায় বিচাৰিছে, কেতিয়াবা সশৰীৰে জুবিন গাৰ্গক পাবলৈ উদ্গ্ৰীৱ হৈ উঠিছে।

বজাৰত জুবিনৰ কথা, বাছত জুবিনৰ কথা, পাৰ্কত জুবিনৰ কথা। য’তেই মানুহ লগ হৈছে, ত’তেই মানুহে ভাল পোৱা জুবিনৰ আলোচনা।

মৃত্যুৰো নাছিল অধিকাৰ
জুবিন গাৰ্গক কাঢ়ি নিয়াৰ
‘এই মায়াৰ ধৰা’ এৰি অজান পৃথিৱীলৈ জুবিন গাৰ্গ গুচি গ’ল।
তেওঁ গুচি যোৱাৰ পিছত যিবোৰ মানুহ আমি থাকি গ’লোঁ—কাৰণে বা অকাৰণেই—এই মানুহবোৰৰ বুকুত জুবিনহীনতাৰ দুখ স্থায়ী ৰূপত থাকি গ’ল। সংসাৰৰ নিয়ম মানি আমিবোৰেও যাম দুদিনৰ আগে-পাছে। কিন্তু জুবিনহীনতাৰ জুয়ে আমাক যেন দহিয়েই থাকিব জীৱনৰ শেষ দিনটোলৈকে।

এটা কথা নিশ্চিত, জুবিনৰ প্ৰিয় ব্ৰহ্মপুত্ৰৰ বুকুৱেদি পানী বৈ থাককালৈকে, আকাশত চন্দ্ৰ-সূৰ্য থকালৈকে জুবিন গাৰ্গ আমাৰ মাজতেই আছে, থাকিব। গান হৈ, সুৰ হৈ, প্ৰেৰণাৰ হৈ এক অনামী অনুভৱ হৈ।

অৱৰ্তমানতো জুবিন বৰ্তমান
বিমূৰ্ত হৈও মূৰ্তমান
সুদূৰত যদিও শক্তিমান
জুবিন—এটি চিৰসেউজীয়া গান
অনুৰাগীৰ বাবে প্ৰাণ
অসমী আইৰ সু-সন্তান
পাহৰি নোৱাৰা এক মায়াবী টান
দুৰ্ভগীয়া হৈও যেন আমি ভাগ্যৱান
কাৰণ প্ৰতিটো প্ৰজন্মৰ তেজে তেজে চেতন জুবিনেই গান
মৃত্যুৰো নাছিল অধিকাৰ
জুবিন গাৰ্গক কাঢ়ি নিয়াৰ
জুবিন গাৰ্গৰ মহাপ্ৰস্থানত মৃত্যুও ম্ৰিয়মাণ…
সোণাপুৰত শুই আছে জুবিন গাৰ্গ। নীৰৱে-নিটালে আজি এবছৰে। অনুৰাগীয়ে তেওঁক অকলশৰীয়া কৰা নাই। তেওঁৰ সৃষ্টিৰে, তেওঁৰ সুৰেৰে আবৰি ৰাখিছে গানৰ জুবিনক। প্ৰাণৰ জুবিনক। মানুহৰ মাজত থাকি ভাল পোৱা জুবিন আজি মানুহৰ মাজতেই আছে। কাকো খাতিৰ কৰা নাই, চিধা কথা কোৱা মানুহজনক আজি এবছৰে এটাই কথা কোৱা নাই। তথাপিও তেওঁ কৈ যোৱা কথাৰ প্ৰাবল্যই আজি বুকু কঁপায়।
বুকু চপৰিয়াই চপৰিয়াই জুবিন নাই, জুবিন নাই বুলি আৰু নাকান্দিব। জুবিন বুকুতেই আছে, বুকু ঢকিয়ালে দুখ পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24samikhyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড
অপৰাধ

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

September 28, 2026
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি
অপৰাধ

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

September 28, 2026
Next Post
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.