উত্তৰ প্ৰদেশৰ মাউত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাই বিয়াৰ আনন্দৰ পৰিৱেশক শোকলৈ পৰিণত কৰিছে। দক্ষিণ টোলা আৰক্ষী থানাৰ অন্তৰ্গত ইছলামবাদ মহল্লাত বিয়াৰ অনুষ্ঠানৰ বাবে তম্বু স্থাপন কৰি থকা সময়তে উচ্চক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি তিনিজন লোকৰ মৃ*ত্যু হয়। এই ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হৈছে।
জানিব পৰা মতে, ইছলামবাদৰ এঘৰত বিয়াৰ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছিল। অনুষ্ঠানৰ বাবে ঘৰৰ ছাদত তম্বু স্থাপন কৰা হৈছিল। তম্বুৰ খুঁটা হিচাপে এডাল লোহাৰ খুঁটা থিয় কৰাৰ সময়তে অঘটন ঘটে। লোহাৰ খুঁটাটো ওচৰেৰে পাৰ হৈ যোৱা উচ্চক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে। বিদ্যুৎ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে লোহাৰ খুঁটাটোত বিদ্যুৎ প্ৰবাহিত হয়। ফলত তাত উপস্থিত থকা কেইবাজনো লোক বিদ্যুৎস্পৃষ্ট হয়। ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুজন শ্ৰমিকৰ লগতে দৰাৰ ভাতৃ মাহমুদ কামিল ইৰফানৰো ঘটনাস্থলীতে মৃ*ত্যু ঘটে।
দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। যি ঘৰত কিছু সময় পূৰ্বে বিয়াৰ আনন্দৰ প্ৰস্তুতি চলি আছিল, সেই ঘৰখনত হঠাৎ কান্দোনৰ ৰোল উঠে। স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। পিছত দক্ষিণ টোলা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
প্ৰাথমিকভাৱে উচ্চক্ষমতাসম্পন্ন বিদ্যুৎ পৰিৱাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ সম্পূৰ্ণ কাৰণ জানিবলৈ আৰক্ষী আৰু বিদ্যুৎ বিভাগে তদন্ত অব্যাহত ৰাখিছে। এখন বিয়াৰ অনুষ্ঠানক কেন্দ্ৰ কৰি চলি থকা আনন্দৰ মাজতে সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে। তিনিজন লোকৰ আকস্মিক মৃ*ত্যুত পৰিয়াল আৰু আত্মীয়-স্বজনৰ মাজত শোকৰ পৰিৱেশ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















