হিন্দু ধৰ্মত শাৰদীয় নৱৰাত্ৰিক অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ হিচাপে গণ্য কৰা হয়। এই ৯ দিনত ভক্তসকলে দেৱী দুৰ্গাৰ নটা ৰূপ পূজা কৰাৰ লগতে উপবাস, জপ আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰে। ২০২৬ চনত ১১ অক্টোবৰৰ পৰা শাৰদীয় নৱৰাত্ৰি আৰম্ভ হ’ব আৰু ১৯ অক্টোবৰত মহানৱমীৰে ইয়াৰ সামৰণি পৰিব। ইয়াৰ পিছদিনা অৰ্থাৎ ২০ অক্টোবৰত বিজয়দশমী উদযাপন কৰা হ’ব। জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰাও এইবাৰৰ নৱৰাত্ৰি বিশেষ বুলি কোৱা হৈছে। জ্যোতিষৰ মতে, প্ৰায় ১০০ বছৰৰ ব্যৱধানৰ পিছত নৱৰাত্ৰিৰ সময়ত বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ অৱস্থানৰ ফলত গজাকেশৰী ৰাজযোগ সৃষ্টি হ’ব পাৰে।
বৈদিক জ্যোতিষত বৃহস্পতি আৰু চন্দ্ৰৰ সংযোগ বা কেন্দ্ৰ সম্পৰ্কৰ ফলত গঠিত গজাকেশৰী যোগক শুভ বুলি গণ্য কৰা হয়। জ্যোতিষীয় বিশ্বাস অনুসৰি এই যোগে ধন-সম্পত্তি, কেৰিয়াৰ, সন্মান আৰু পাৰিবাৰিক জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত বিশেষভাৱে ৭টা ৰাশিৰ জীৱনত শুভ পৰিৱৰ্তনৰ সম্ভাৱনা আছে বুলি জ্যোতিষত কোৱা হৈছে।
মেষ ৰাশি
গজাকেশৰী যোগে মেষ ৰাশিৰ লোকৰ কৰ্মজীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। চাকৰিত থকা লোকসকলে পদোন্নতি বা কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা আৰু বুজাবুজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
বৃষ ৰাশি
বৃষ ৰাশিৰ লোকৰ বাবে এই সময়ছোৱা আৰ্থিক দিশৰ পৰা কিছু সকাহজনক হ’ব পাৰে। বহুদিন ধৰি পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিৱাহিত জীৱনত স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি আৰু সমন্বয় বৃদ্ধি পাব পাৰে। অৱশ্যে খাদ্য-পানীয়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো ভাল।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে গজাকেশৰী যোগ বিশেষভাৱে শুভ বুলি গণ্য কৰা হৈছে। এই সময়ছোৱাত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে। বিৱাহৰ বাবে অপেক্ষা কৰি থকা লোকসকলে বিৱাহ সম্পৰ্কীয় ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে।
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকৰ ব্যৱসায়িক ক্ষেত্ৰত লাভৰ সুযোগ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বামী বা পত্নীৰ সৈতে ধৰ্মীয় স্থানলৈ ভ্ৰমণ কৰাৰ সুযোগো আহিব পাৰে। অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ বাবে হোৱা স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত।
তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে। উৰ্ধতন বিষয়াৰ পৰা স্বীকৃতি লাভ কৰাৰ লগতে কেৰিয়াৰত ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। প্ৰেমৰ জীৱনতো সুখদায়ক পৰিৱৰ্তন আহিব পাৰে।
মকৰ ৰাশি
মকৰ ৰাশিৰ লোকৰ বাবে মাটি, ঘৰ বা ৰিয়েল এষ্টেটৰ সৈতে জড়িত বিষয়ত আগবাঢ়ি যোৱাৰ সুযোগ আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো, বিশেষকৈ জীৱনসংগীৰ পৰা ভাল সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে গাঁঠি বা শৰীৰৰ বিষৰ দৰে সমস্যাক অৱহেলা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকসকলে কেৰিয়াৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে এই প্ৰত্যাহ্বানসমূহেই ভৱিষ্যতে উন্নতিৰ নতুন সুযোগ মুকলি কৰিব পাৰে। সেয়ে নিয়মীয়া কৰ্মসূচী আৰু দৈনন্দিন ৰুটিন বজাই ৰখাটো গুৰুত্বপূৰ্ণ। সম্পৰ্কত অধিক বুজাবুজি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ জীৱনসংগীৰ সৈতে মুকলিকৈ কথা-বতৰা পাতিবলৈ পৰামৰ্শ দিয়া হৈছে।
উল্লেখ্য যে, জ্যোতিষৰ এই ফলাফলসমূহ বিশ্বাস আৰু জ্যোতিষীয় ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি দিয়া হয়। ব্যক্তিভেদে ইয়াৰ ফলাফল বেলেগ হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















