ভাৰতীয় বক্সিঙৰ বাবে ২০২৬ চনৰ এছিয়ান গেমছত আহিল এক গৌৰৱৰ মুহূৰ্ত। নিজৰ জন্মদিনটোতে ৰিঙত নামি দেশবাসীক সোণৰ পদকৰ উপহাৰ দিলে অসম কন্যা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত চীনৰ শক্তিশালী বক্সাৰ বাও ঝিয়িক ৫-০ ব্যৱধানত পৰাস্ত কৰি লাভলীনাই অৰ্জন কৰিলে স্বৰ্ণ পদক।
লাভলীনাৰ এই জয় বিশেষকৈ উল্লেখযোগ্য, কাৰণ তেওঁৰ প্ৰতিপক্ষ বাও ঝিয়িয়ে ২০২৬ চনৰ এছিয়ান বক্সিং এলিট চেম্পিয়নশ্বিপত খিতাপ জয় কৰিছিল। কিন্তু ফাইনেলত লাভলীনাই আৰম্ভণিৰ পৰাই ধৈৰ্য, আত্মবিশ্বাস আৰু নিখুঁত কৌশলৰ পৰিচয় দি চীনা বক্সাৰগৰাকীক কোনো সুযোগ নিদিলে।

স্বৰ্ণ পদকৰ মেচখনৰ প্ৰথম ৰাউণ্ডত বাও ঝিয়িয়ে আক্ৰমণাত্মকভাৱে আৰম্ভণি কৰে। এটাৰ পিছত এটাকৈ ঘোঁচা মাৰি লাভলীনাৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা কৰে চীনা বক্সাৰগৰাকীয়ে। কিন্তু লাভলীনাই নিজৰ স্থিৰতা হেৰুৱা নাছিল। প্ৰতিপক্ষৰ আক্ৰমণৰ সঠিক সময়ত কাউণ্টাৰ পাঞ্চেৰে উত্তৰ দিয়াৰ লগতে ৰিঙত দূৰত্বও সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত প্ৰথম ৰাউণ্ডত বিচাৰকৰ ৩-২ সিদ্ধান্ত লাভলীনাৰ পক্ষত যায়।

দ্বিতীয় ৰাউণ্ডত বাও ঝিয়িয়ে পুনৰ আক্ৰমণৰ গতি বৃদ্ধি কৰে। অৱশ্যে লাভলীনাৰ আত্মবিশ্বাস আৰু কৌশলৰ সন্মুখত চীনা বক্সাৰগৰাকীৰ আক্ৰমণ বিশেষ সফল নহ’ল। তৃতীয় ৰাউণ্ডত লাভলীনাই আৰু অধিক নিখুঁত পাঞ্চেৰে প্ৰতিপক্ষক নিয়ন্ত্ৰণত ৰাখে। এই ৰাউণ্ডত ৪-১ ব্যৱধানত জয়লাভ কৰি লাভলীনাই মেচখনত নিজৰ দখল আৰু শক্তিশালী কৰে।
ইয়াৰ পিছত লাভলীনাই প্ৰতিপক্ষক আগুৱাই আহিবলৈ দি উপযুক্ত সময়ত ওলোটাই আক্ৰমণ কৰাৰ কৌশল গ্ৰহণ কৰে। এই কৌশল যথেষ্ট ফলপ্ৰসু হয়। শেষলৈকে ৰিঙত নিজৰ নিয়ন্ত্ৰণ অটুট ৰাখি লাভলীনাই বিচাৰকৰ সৰ্বসন্মত ৫-০ সিদ্ধান্তত জয় নিশ্চিত কৰে।
এই জয়ৰ লগে লগে লাভলীনা বৰগোহাঁইয়ে এছিয়ান গেমছৰ ৰিঙত নিজৰ নাম আৰু উজলাই তুলিলে। জন্মদিনৰ দিনটোতে স্বৰ্ণ পদক জয় কৰি তেওঁ দেশবাসীক দিলে এক বিশেষ উপহাৰ। লাভলীনাৰ পিতৃয়েও কন্যাৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰে। তেওঁ কয়, “আজি জন্মদিনটোতে লাভলীনাৰ এই সাফল্যৰ বাবে আমি আনন্দিত। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে আজি লাভলীনাই স্বৰ্ণ জয় কৰিলে। দেশবাসীৰ প্ৰাৰ্থনাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে।”
লাভলীনাৰ এই স্বৰ্ণ জয় কেৱল তেওঁৰ ব্যক্তিগত সাফল্যই নহয়, অসমৰ লগতে সমগ্ৰ ভাৰতীয় ক্ৰীড়া জগতৰ বাবেও এক গৌৰৱৰ মুহূৰ্ত। জন্মদিনতেই ৰিঙত নামি স্বৰ্ণ জয় কৰি ‘অগ্নিকন্যা’ লাভলীনাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু দৃঢ় সংকল্প থাকিলে সপোন বাস্তৱত পৰিণত কৰিব পাৰি।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















