বহু লোকে বেংক বা ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ ইলেক্ট্ৰনিক গেজেট বা ঘৰ-গাড়ী ক্ৰয় কৰে। ইএমআইৰ জৰিয়তে প্ৰতিমাহে ঋণৰ ধন পৰিশোধ কৰে। অৱশ্যে আপুনি জানেনে যে গেছ চিলিণ্ডাৰ কিনাৰ সময়তো এই সুবিধা পাব পাৰি? এটা পেট্ৰলিয়াম কোম্পানীয়ে (ভাৰত পেট্ৰলিয়াম) গ্ৰাহকক ইমান ডাঙৰ সুবিধা আগবঢ়াইছে।
ধৰি লওক হঠাৎ ঘৰৰ ৰন্ধন গেছ শেষ হৈ যায়, কিন্তু সেই মুহূৰ্তত হয়তো নতুন চিলিণ্ডাৰ কিনিবলৈ পৰ্যাপ্ত ধন নাথাকিব। ভাৰত পেট্ৰলিয়ামে আগবঢ়াইছে ক্ষুদ্ৰ বিত্তীয় সুবিধা। ভাৰত পেট্ৰলিয়ামে ইয়াৰ এক্স হেণ্ডেলত জনাইছে যে এল পি জি ৰিফিলৰ বাবে ৬০০ টকা পৰ্যন্ত মাইক্ৰ’ লোন লোৱাৰ সুবিধা আছে। এই ধন সুত নোহোৱাকৈ সহজ কিস্তিত পৰিশোধ কৰিব পাৰিব।
এই ক্ষুদ্ৰ ঋণৰ সুবিধা কি?
পেট্ৰলিয়াম কোম্পানীৰ ক্ষুদ্ৰ ঋণ ব্যৱস্থাৰ ডাঙৰ সুবিধাটো হ’ল ৬০০ টকা একেলগে দিব নালাগে। ৬০০ টকীয়া ১০০ টকীয়া সাপ্তাহিক ৬টা কিস্তিত ঘূৰাই দিব পাৰিব। কোম্পানীটোৱে দিয়া তথ্য অনুসৰি বিএনপিএল বা বাই নাও পে লেটাৰ মডেলৰ ভিত্তিত এই সুবিধা প্ৰদান কৰা হৈছে। অৰ্থাৎ এল পি জি ৰিফিলৰ বাবে ৬০০ টকা পৰ্যন্ত মাইক্ৰ’ লোন লাভ কৰিব পাৰিব। এই ঋণৰ সুতৰ হাৰ শূন্য। এই সম্পূর্ণ ধন প্রতি সপ্তাহত ১০০ টকীয়া ছটা কিস্তিত পৰিশোধ কৰিব লাগিব৷ ফলত হঠাতে চিলিণ্ডাৰ শেষ হ’লে একেলগে সম্পূৰ্ণ পৰিমাণ সংগ্ৰহ কৰাৰ চাপ কিছু পৰিমাণে হ্ৰাস পাব পাৰে।
এই সুবিধা কেনেকৈ পাব?
ধৰি লওক, হঠাৎ ঘৰৰ এল পি জি চিলিণ্ডাৰ শেষ হৈ গৈছে। ৰিফিলৰ বাবে ৬০০ টকা বা ৫০০ টকা লাগে। কিন্তু সেই মুহূৰ্তত আপোনাৰ হাতত সম্পূৰ্ণ ধন নাই। তেনে ক্ষেত্ৰত এই ক্ষুদ্ৰ বিত্তীয় সুবিধা লাভ কৰিবলৈ আপুনি আপোনাৰ ভাৰতগেছ পেট্ৰলিয়াম বিতৰকৰ সৈতে যোগাযোগ কৰিব লাগিব। এই সেৱা সম্পৰ্কীয় তথ্য সংশ্লিষ্ট বিতৰকৰ পৰা লাভ কৰিব। অৰ্থাৎ আপোনাৰ অঞ্চলত সেৱা উপলব্ধ নে নহয়, এই সুবিধাৰ বাবে কোন যোগ্য আৰু কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে বিশদ তথ্য পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















