নগাঁও উপ-নিৰ্বাচনৰ আজি ভোটগ্ৰহণ, ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে জনতা। পুৱা ৭ বজাৰ পৰা সমষ্টিটোৰ ২,৩০৭টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে। এই নিৰ্বাচনত মুঠ ১৯,০১,৮৯৯ গৰাকী ভোটাৰে ১৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামনি বৰা আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ মাজত বুলি চৰ্চা চলিছে।
১৯ লাখৰো অধিক ভোটাৰে কৰিব ভাগ্য নিৰ্ণয়
নিৰ্বাচনী তথ্য অনুসৰি, নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৯,০১,৮৯৯ গৰাকী। ইয়াৰে ৯,৫৮,৫৪৯ গৰাকী পুৰুষ ভোটাৰ, ৯,৪৩,৩০০ গৰাকী মহিলা ভোটাৰ আৰু ৫০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণৰ জৰিয়তে এই বৃহৎ সংখ্যক ভোটাৰে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰিব। ভোটগ্ৰহণ সন্ধিয়া ৬ বজালৈ চলাৰ কথা জানিব পৰা গৈছে।
নগাঁও-মৰিগাঁৱত ২,৩০৭টা ভোটগ্ৰহণ কেন্দ্ৰ
নগাঁও লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও অঞ্চল সামৰি লোৱা হৈছে। ইয়াৰে নগাঁও জিলাত ১,৩৩৯টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু মৰিগাঁও জিলাত ৯৬৮টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে ব্যাপক প্ৰশাসনিক আৰু নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুঠ ১১,৫৩৫ গৰাকী বিষয়া-কৰ্মচাৰী ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছে। ইয়াৰ ভিতৰত ৯,২২৮ গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়া আছে।
৬২৪টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ
নিৰ্বাচনক লৈ প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। নগাঁও লোকসভা সমষ্টিত মুঠ ৬২৪টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ চিনাক্ত কৰা হৈছে।
ইয়াৰে নগাঁও জিলাত ৩৭২টা আৰু মৰিগাঁও জিলাত ২৫২টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে। এই কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
কোনে মাৰিব শেষ হাঁহি?
নগাঁও লোকসভা সমষ্টিৰ এই উপ-নিৰ্বাচনক লৈ ইতিমধ্যে তীব্ৰ ৰাজনৈতিক উত্তেজনা সৃষ্টি হৈছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামনি বৰা আৰু এআইইউডিএফৰ বদৰুদ্দিন আজমলৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচনটোক অধিক আকৰ্ষণীয় কৰি তুলিছে।
নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত তিনিওটা শিবিৰে নিজ নিজ শক্তি প্ৰদৰ্শন কৰাৰ লগতে ভোটাৰক আকৰ্ষণৰ বাবে ব্যাপক প্ৰচাৰ চলাইছিল। এতিয়া ভোটগ্ৰহণৰ দিনটোত ভোটাৰৰ ৰায় কোনজন প্ৰাৰ্থীৰ পক্ষত যায়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব নগাঁও লোকসভা সমষ্টিৰ ভৱিষ্যৎ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















