আধাৰ কাৰ্ডৰ দৰে পান কাৰ্ডো অতি গুৰুত্বপূৰ্ণ নথি। এফালে আধাৰ কাৰ্ড পৰিচয়ৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়, আনফালে বিত্তীয় লেনদেনত পান কাৰ্ডৰ বিশেষ গুৰুত্ব আছে। বেংকিং সম্পৰ্কীয় বিভিন্ন কামৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিসৰৰ লেনদেনলৈকে বহু ক্ষেত্ৰত পান কাৰ্ডৰ প্ৰয়োজন হয়। অৱশ্যে কেৱল পান কাৰ্ড থকাটোৱেই যথেষ্ট নহয়, ইয়াৰ লগত জড়িত গুৰুত্বপূৰ্ণ নিয়মবোৰো জনাটো গুৰুত্বপূৰ্ণ। কাৰণ, পান কাৰ্ড সম্পৰ্কীয় কিছুমান নিয়ম উলংঘা কৰিলে আয়কৰ আইন, ১৯৬১ৰ ২৭২বি ধাৰা অনুসৰি ১০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে।
ভুল পান নম্বৰ দিলে ডাঙৰ লোকচান হ’ব পাৰে
যিকোনো আৰ্থিক লেনদেনৰ সময়ত পান সম্পৰ্কীয় ভুল তথ্য দিলে আপুনি ডাঙৰ বিপদত পৰিব পাৰে। কোনো বিত্তীয় প্ৰতিষ্ঠান বা বেংকক ভুল পেন নম্বৰ দিলে আয়কৰ বিভাগে আপোনাৰ বিৰুদ্ধে তদন্ত কৰিব পাৰে। মনত ৰখা উচিত যে আপুনি গম নোপোৱাকৈ ভুল তথ্য দিলেও আপোনাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰি। সাধাৰণতে এই সকলোবোৰ ক্ষেত্ৰতে ১০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব পাৰে।
ইয়াৰ উপৰিও বিভিন্ন বিত্তীয় লেনদেনৰ বাবে পান কাৰ্ডৰ সবিশেষ জমা দিয়াটো বাধ্যতামূলক। আয়কৰ বিভাগে এনেধৰণৰ প্ৰায় ২০টা বিত্তীয় লেনদেন আৰু কাৰ্যকলাপৰ বাবে পান সম্পৰ্কীয় তথ্য প্ৰদানৰ নিয়ম নিৰ্ধাৰণ কৰিছে। কোনো নিৰ্দিষ্ট কামৰ বাবে পেন কাৰ্ডৰ সবিশেষ জমা দিয়াটো বাধ্যতামূলক হ’লেও যদি কোনোবাই সেই তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে তেন্তে সংশ্লিষ্ট বিধান অনুসৰি ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে। কোনো ধৰণৰ আৰ্থিক লেনদেন কৰাৰ আগতে পান কাৰ্ডৰ লগত জড়িত নিয়মাৱলী জানি ল’ব লাগে।
এটাতকৈ অধিক পান কাৰ্ড আছে নেকি?
আয়কৰৰ নিয়ম অনুসৰি এজন ব্যক্তিৰ এটাতকৈ অধিক পান কাৰ্ড থাকিলে আৰু তেওঁলোক সক্ৰিয় হৈ থাকিলে জৰিমনা ভৰিব লাগিব। নিয়ম অনুসৰি এজন ব্যক্তিৰ হাতত মাত্ৰ এখন পেন কাৰ্ড থাকিব পাৰিব।
গুৰুত্বপূৰ্ণ কথাটো হ’ল পান ২.০ অহাৰ পিছত ডুপ্লিকেট পান চিনাক্ত কৰাটো সহজ হৈ পৰিছে। গতিকে যিকোনো ধৰণৰ সমস্যা বা শাস্তিৰ পৰা হাত সাৰিবলৈ পান কাৰ্ডৰ লগত জড়িত সকলো নিয়ম মানি চলিব। ইয়াৰ লগতে আধাৰ কাৰ্ডক পান কাৰ্ডৰ সৈতে লিংক কৰাটোও বাধ্যতামূলক। গতিকে, নিৰ্ধাৰিত নিয়ম অনুসৰি পান আৰু আধাৰৰ সংযোগ আছে নে নাই সেয়া নিশ্চিতভাৱে পৰীক্ষা কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















