আজিৰ দিনটোত আপোনাৰ কৰ্মজীৱন, আৰ্থিক অৱস্থা, প্ৰেম, পাৰিবাৰিক সম্পৰ্ক আৰু স্বাস্থ্য কেনে যাব? জ্যোতিষশাস্ত্ৰৰ বিশ্বাস অনুসৰি, প্ৰতিটো ৰাশিৰ বাবে দিনটোৰ সম্ভাৱনা আৰু শুভ ৰং-শুভ সংখ্যাৰ এক বিশেষ তাৎপৰ্য আছে। বিশেষকৈ তুলা আৰু বৃষ ৰাশিৰ বিশেষ শুভ দিন।
মেষ-
আজিৰ দিনটো মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন পৰিকল্পনা আৰু নিজৰ দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, আৰ্থিক লেনদেনত খৰখেদা নকৰিব। পৰিয়ালৰ লোকৰ সৈতে কথা পাতোঁতে সংযম বজাই ৰাখক।
শুভ সংখ্যা: ৬
শুভ ৰং: গোলাপী
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় বা বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখিলে আৰ্থিক অৱস্থা উন্নত কৰাত সহায় হ’ব।
শুভ সংখ্যা: ৮
শুভ ৰং: পাতল নীলা
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন চিন্তা আৰু পৰিকল্পনা ৰূপায়ণৰ দিন। কৰ্মক্ষেত্ৰত নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব পাৰে। পুৰণি কোনো কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো সফলতা লাভৰ সম্ভাৱনা আছে। অৱশ্যে, আনৰ কথাত প্ৰভাৱিত হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব।
শুভ সংখ্যা: ৫
শুভ ৰং: সেউজীয়া
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰামৰ্শ লাভজনক হ’ব পাৰে। দায়িত্বশীলতাৰে কাম কৰিলে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে আৰু পৰিয়ালত সুখৰ পৰিৱেশ বজাই থকাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশ্ৰাম আৰু নিয়মীয়া জীৱনশৈলীৰ প্ৰতি মনোযোগ দিয়ক।
শুভ সংখ্যা: ২
শুভ ৰং: ৰূপালী
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰা হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন সুযোগৰ সন্ধান পাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক সম্পৰ্কত নিজৰ খং নিয়ন্ত্ৰণত ৰাখিলে সম্পৰ্ক অধিক মধুৰ হ’ব।
শুভ সংখ্যা: ১
শুভ ৰং: কমলা
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজি নিজৰ কাম-কাজ সুপৰিকল্পিতভাৱে সম্পন্ন কৰাৰ চেষ্টা কৰিব লাগে। দায়িত্ব বৃদ্ধি পালেও ধৈৰ্য আৰু পৰিকল্পনাৰে কাম কৰিলে সফলতা লাভ কৰিব পাৰিব। ধনৰ লেনদেনত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক।
শুভ সংখ্যা: ৭
শুভ ৰং: ফিৰোজা
তুলা ৰাশি
তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সহযোগিতা আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত দিনটো ইতিবাচক হ’ব পাৰে। কৰ্মক্ষেত্ৰত আনৰ সৈতে মিলি কাম কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন প্ৰস্তাৱ লাভ কৰিব পাৰে। আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে লাভ-লোকচানৰ হিচাপ কৰি লওক।
শুভ সংখ্যা: ৬
শুভ ৰং: মেজেণ্টা
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিব লাগে। কৰ্মক্ষেত্ৰত বহুদিন ধৰি পৰি থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। ব্যৱসায়ত লাভজনক প্ৰস্তাৱ আহিব পাৰে যদিও যিকোনো আৰ্থিক সিদ্ধান্তৰ আগতে বিপদৰ সম্ভাৱনাও বিবেচনা কৰক। পৰিয়ালৰ সৈতে সময় কটালে মনত আনন্দ লাভ কৰিব।
শুভ সংখ্যা: ৯
শুভ ৰং: মেৰুণ
ধনু ৰাশি
ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন চিন্তা আৰু পৰিকল্পনাত মনোনিৱেশ কৰাৰ দিন। কৰ্মক্ষেত্ৰত নিজৰ অভিজ্ঞতা আৰু জ্ঞানৰ সদ্ব্যৱহাৰ কৰিব পাৰিব। ব্যৱসায়ত কোনো প্ৰস্তাৱ গ্ৰহণ কৰাৰ আগতে সকলো চৰ্ত ভালদৰে বুজি লওক। অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা থাকিব পাৰে, সেয়ে বাজেটৰ প্ৰতি সচেতন হওক।
শুভ সংখ্যা: ৩
শুভ ৰং: হালধীয়া
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ধৈৰ্য আৰু অনুশাসন বজাই ৰখাটো অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিবলৈ পৰিকল্পনা অনুসৰি কাম কৰক। গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু আৰ্থিক লেনদেন ভালদৰে পৰীক্ষা কৰি লওক। পৰিয়ালৰ পুৰণি মতানৈক্য দূৰ কৰাৰ সুযোগ আহিব পাৰে।
শুভ সংখ্যা: ৮
শুভ ৰং: বেঙুনীয়া
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নতুন কাম আৰম্ভ কৰা বা পুৰণি পৰিকল্পনাক আগুৱাই নিয়াৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ কথাও চিন্তা কৰিব পাৰে। আৰ্থিক বিষয়ত আনৰ পৰামৰ্শ শুনিলেও চূড়ান্ত সিদ্ধান্ত নিজৰ বিবেচনাৰে লওক।
শুভ সংখ্যা: ৪
শুভ ৰং: আকাশী নীলা
মীন ৰাশি
মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সুযোগ সৃষ্টি হ’ব পাৰে। নতুন মানুহৰ সৈতে চিনাকি হোৱাটো ভৱিষ্যতে লাভজনক হ’ব পাৰে। পৰিয়ালত কোনো শুভ অনুষ্ঠানক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক বিষয়ত সুপৰিকল্পিতভাৱে আগবাঢ়ক আৰু স্বাস্থ্যৰ যত্ন লওক।
শুভ সংখ্যা: ৩
শুভ ৰং: গেৰুৱা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















