উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃ*তকসকলৰ ভিতৰত আছে ৩৮ বছৰীয়া মহেশ, তেওঁৰ পত্নী ললিতা আৰু তেওঁলোকৰ তিনিটা কণমানি সন্তান। প্ৰথমে চাহ আৰু নুডলছ খোৱাৰ পিছত খাদ্যত বিষক্ৰিয়া ঘটি তেওঁলোকৰ মৃ*ত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল। কিন্তু প্ৰাথমিক তদন্তত খাদ্যত বিষক্ৰিয়াৰ কোনো লক্ষণ নথকাত এতিয়া ঘটনাটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
ঘটনাটো গ্ৰেটাৰ নয়ডাৰ ৰাবুপুৰা থানা এলেকাৰ নাগলা শ্ৰীগোপাল গাঁৱৰ। ঘটনাৰ খবৰ পোৱাৰ পিছতে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ খাদ্যৰ নমুনা পৰীক্ষা কৰে। খাদ্য সুৰক্ষা বিষয়া অ’ পি সিঙৰ মতে, খাদ্যত বিষক্ৰিয়া হ’লে সাধাৰণতে বমি, ডায়েৰিয়া আৰু পেটৰ বিষৰ দৰে লক্ষণ দেখা যায়। কিন্তু এই ঘটনাত তেনে লক্ষণৰ কথা পোহৰলৈ অহা নাই। সেয়েহে মৃত্যুৰ আঁৰত কোনো বিষাক্ত পদাৰ্থ বা ৰাসায়নিক পদাৰ্থৰ ভূমিকা আছে নেকি, সেই সন্দেহো কৰা হৈছে। অৱশ্যে, মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে এই বিষয়ে স্পষ্ট তথ্য পোহৰলৈ আহিব।
১০ বিঘা মাটিক লৈ বিবাদ!
এই ঘটনাৰ তদন্তৰ মাজতে পৰিয়ালৰ সম্পত্তিক লৈ থকা বিবাদৰ কথাও পোহৰলৈ আহিছে। মৃত ললিতাৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা অনুসৰি, প্ৰায় ১০ বিঘা মাটি আৰু এটা ঘৰৰ মালিকীস্বত্বক লৈ মৃত মহেশৰ মাতৃ আৰু ভনীয়েকৰ সৈতে দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল। এই বিবাদৰ সৈতে এই ৫ গৰাকীৰ মৃত্যুৰ কোনো সম্পৰ্ক আছে নেকি, তাক লৈ ললিতাৰ পিতৃ পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে।
গ্ৰেটাৰ নয়ডাৰ ডিচিপি শ্ৰৱণ কুমাৰে জনোৱা অনুসৰি, মৃত্যুৰ কাৰণ জানিবলৈ তদন্ত অব্যাহত আছে। মৃতদেহসমূহৰ মৰণোত্তৰ পৰীক্ষাৰ লগতে ভিচেৰা সংৰক্ষণ কৰি ৰাসায়নিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে, ফৰেনছিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা খাদ্যৰ নমুনা, আঙুলিৰ ছাপ আৰু অন্যান্য প্ৰমাণ সংগ্ৰহ কৰিছে। সম্পত্তিৰ বিবাদকে ধৰি বিভিন্ন দিশৰ পৰা আৰক্ষীয়ে তদন্ত চলাইছে।
এতিয়া আটাইৰে দৃষ্টি ভিচেৰা আৰু ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত। এই প্ৰতিবেদনসমূহে পৰিয়ালটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰাত সহায় কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















