বাইক, স্কুটাৰ চলোৱাৰ সময়ত হেলমেট হৈছে আপোনাৰ জীৱন ৰক্ষাৰ অন্যতম গুৰুত্বপূৰ্ণ সুৰক্ষা সামগ্ৰী। কিন্তু বহুতে কেৱল যান-বাহন আৰক্ষীৰ জৰিমনাৰ পৰা বাচিবলৈ হেলমেট ব্যৱহাৰ কৰে। আন কিছুমানে আকৌ হেলমেট কিনাৰ সময়ত ইয়াৰ ডিজাইন, ৰং আৰু দামৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
প্ৰকৃততে, কেৱল হেলমেট পিন্ধিলেই নহ’ব, সঠিক হেলমেট বাছি লোৱাটোও অতি প্ৰয়োজনীয়। দুৰ্ঘটনাৰ সময়ত এটা ভাল মানৰ হেলমেটে মূৰত গুৰুতৰ আঘাত পোৱাৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। আনহাতে, নিম্নমানৰ বা সঠিকভাৱে ফিট নোহোৱা হেলমেটে আপোনাৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰে। সেয়েহে হেলমেট কিনাৰ সময়ত কেইটামান বিশেষ দিশৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী। জানো আহক, হেলমেট ক্ৰয় কৰাৰ আগতে কোনবোৰ ৫টা কথা মনত ৰাখিব লাগে।
১. হেলমেটটো ISI প্ৰমাণিত হয় নে নহয় পৰীক্ষা কৰক
হেলমেট কিনাৰ সময়ত প্ৰথমে ইয়াৰ সুৰক্ষাৰ মান পৰীক্ষা কৰিব লাগে। ভাৰতত বিক্ৰী কৰা হেলমেটৰ ক্ষেত্ৰত ISI চিহ্ন আৰু প্ৰাসংগিক BIS প্ৰমাণীকৰণৰ প্ৰতি গুৰুত্ব দিয়ক। বজাৰত বহু সময়ত নিম্নমানৰ হেলমেটক উন্নত মানৰ বুলি দেখুৱাই বিক্ৰী কৰা হয়। সেয়েহে কেৱল হেলমেটত ISI ষ্টীকাৰ লাগি থকাটো চাই কিনিব নালাগে। ইয়াৰ প্ৰমাণীকৰণ চিহ্ন আৰু প্ৰয়োজনীয় তথ্য ভালদৰে পৰীক্ষা কৰক। সদায় বিশ্বাসযোগ্য দোকান বা সুনামধন্য ব্ৰেণ্ডৰ পৰা হেলমেট ক্ৰয় কৰক। মনত ৰাখিব, সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰাটো বিপজ্জনক হ’ব পাৰে।
২. হেলমেটৰ শক্তি আৰু ভিতৰৰ পেডিং পৰীক্ষা কৰক
হেলমেটৰ বাহিৰৰ অংশ মজবুত হোৱাটো অতি প্ৰয়োজনীয়। দুৰ্ঘটনাৰ সময়ত হেলমেটে আঘাতৰ প্ৰভাৱ কমোৱাত সহায় কৰে। সেয়েহে কেৱল দেখিবলৈ ধুনীয়া হেলমেট কিনাৰ পৰিৱৰ্তে ইয়াৰ নিৰ্মাণৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াৰ লগতে হেলমেটৰ ভিতৰৰ পেডিং বা কোমল আৱৰণো পৰীক্ষা কৰিব লাগে। এই পেডিঙে মূৰটো সঠিকভাৱে ধৰি ৰাখে আৰু আৰাম প্ৰদান কৰে। হেলমেটৰ ভিতৰৰ অংশ অতি ঢিলা বা অস্বস্তিকৰ হ’লে সেইটো ব্যৱহাৰ কৰাত অসুবিধা হ’ব পাৰে। সেয়েহে মজবুত আৰু আৰামদায়ক পেডিং থকা হেলমেট বাছনি কৰক।
৩. হেলমেটৰ ভাইজৰ বা সন্মুখৰ আইনা পৰীক্ষা কৰক
হেলমেটৰ ভাইজৰ হৈছে সন্মুখৰ স্বচ্ছ আৱৰণ, যিয়ে চকু আৰু মুখমণ্ডলক ধূলি, বতাহ, পোক-পতংগ আৰু অন্যান্য বাহ্যিক বস্তুৰ পৰা সুৰক্ষা দিয়ে। হেলমেট কিনাৰ সময়ত ভাইজৰৰ গুণগত মান পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। ভাল মানৰ ভাইজৰ সাধাৰণতে আঁচোৰ প্ৰতিৰোধী হয় আৰু দৃষ্টিশক্তি স্পষ্ট কৰি ৰাখে।
বজাৰত সাধাৰণতে বিভিন্ন ধৰণৰ ভিজাৰ উপলব্ধ।
– Clear Visor: স্বচ্ছ ভাইজৰ। ৰাতি আৰু কম পোহৰৰ সময়ত চলোৱাৰ বাবে উপযোগী।
– Smoke/Tinted Visor: গাঢ় ৰঙৰ ভিজাৰ। দিনৰ উজ্জ্বল সূৰ্যৰ পোহৰত চকুৰ অসুবিধা কমোৱাত সহায় কৰে।
– Mirror/Iridium/Rainbow Visor: বাহিৰৰ পৰা চিকচিকিয়া দেখা যায়। সূৰ্যৰ পোহৰৰ জিলিকনি কমোৱাত সহায় কৰে।
– Day & Night Visor: দিন আৰু ৰাতি দুয়োটা সময়তে ব্যৱহাৰৰ উপযোগী বুলি প্ৰস্তুত কৰা হয়।
বিশেষ মন কৰিবলগীয়া কথা: গাঢ় বা ৰঙীন ভাইজৰ ৰাতি ব্যৱহাৰ কৰিলে দৃষ্টিশক্তি হ্ৰাস পাব পাৰে। সেয়েহে ৰাতি বাইক চলোৱাৰ সময়ত স্বচ্ছ ভিজাৰ ব্যৱহাৰ কৰাটো অধিক সুৰক্ষিত।
৪. হেলমেট পিন্ধি ফিটিং পৰীক্ষা কৰক
হেলমেট কিনাৰ আগতে নিজৰ মূৰত পিন্ধি পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। কেৱল ডিজাইন, দাম বা ব্ৰেণ্ড চাই হেলমেট কিনিলে ভুল হ’ব পাৰে। হেলমেটটো আপোনাৰ মূৰত সঠিকভাৱে ফিট হ’ব লাগে। ই বেছি ঢিলা হ’লে দুৰ্ঘটনাৰ সময়ত মূৰৰ পৰা ওলাই যাব পাৰে। আনহাতে, অত্যধিক টান হ’লে মূৰত বিষ বা অস্বস্তি অনুভৱ হ’ব পাৰে। হেলমেট পিন্ধি মূৰটো লাহে লাহে ইফালে-সিফালে ঘূৰাই চাওক। যদি হেলমেটটো সহজে লৰচৰ কৰে, তেন্তে সেইটো আপোনাৰ বাবে উপযুক্ত নহ’ব পাৰে। সেয়েহে মূৰৰ আকাৰ অনুসৰি সঠিকভাৱে ফিট হোৱা আৰু আৰামদায়ক হেলমেট বাছনি কৰক।
৫. হেলমেটৰ লক আৰু ষ্ট্ৰেপ পৰীক্ষা কৰক
হেলমেটৰ লক বা চিন ষ্ট্ৰেপ হৈছে ইয়াৰ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ। হেলমেটটো মূৰত সঠিকভাৱে ধৰি ৰখাৰ বাবে এই ষ্ট্ৰেপে বিশেষ ভূমিকা পালন কৰে। হেলমেট কিনাৰ সময়ত ষ্ট্ৰেপৰ গুণগত মান আৰু লকিং ব্যৱস্থা ভালদৰে পৰীক্ষা কৰক। লক কৰাৰ পিছত ষ্ট্ৰেপটো সহজে খোল খাই যায় নেকি, সেয়াও লক্ষ্য কৰক। বাইক চলোৱাৰ সময়ত হেলমেটৰ ষ্ট্ৰেপ সঠিকভাৱে বন্ধ কৰি ৰখাটো অতি প্ৰয়োজনীয়। ষ্ট্ৰেপ বন্ধ নকৰাকৈ হেলমেট পিন্ধিলে দুৰ্ঘটনাৰ সময়ত ই মূৰৰ পৰা ওলাই যাব পাৰে। সেয়েহে মজবুত লকিং ব্যৱস্থা থকা হেলমেটহে ক্ৰয় কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















