কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওঁৰ গ্ৰন্থ ‘Belonging: A Journey of Love’ত জীৱনৰ বহু অজানা আৰু আবেগিক ঘটনা প্ৰকাশ কৰিছে। নেহৰু-গান্ধী পৰিয়ালৰ ভিতৰুৱা কাহিনী, জৰুৰীকালীন অৱস্থা, মেনকা গান্ধীৰ সৈতে সম্পৰ্ক আৰু নিজৰ অসুস্থতাৰ বিষয়ে গ্ৰন্থখনত উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে। ইয়াৰ লগতে প্ৰথম সন্তানৰ জন্মৰ মাত্ৰ কেইঘণ্টামান পিছতে মৃত্যু হোৱা হৃদয়বিদাৰক ঘটনাৰ কথাও তেওঁ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে।
ছোনিয়া গান্ধীৰ এই গ্ৰন্থত অন্য বিষয়ৰ লগতে ১৯৬৯ চনৰ জানুৱাৰীত তেওঁলোকৰ প্ৰথম সন্তানৰ জন্ম আৰু মৃত্যুৰ ঘটনাটোৱেও বিশেষ স্থান লাভ কৰিছে। সন্তানটোৰ মৃত্যুৰ পিছত ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীয়ে কেনেদৰে শোকত ভাগি পৰিছিল, লগতে নৱজাতকৰ শেষকৃত্য ক’ত সম্পন্ন কৰা হৈছিল, সেই বিষয়ে তেওঁ বিতংকৈ বৰ্ণনা কৰিছে।
ছোনিয়াক সাবটি চুমা খাইছিল ইন্দিৰা গান্ধীয়ে
ছোনিয়া গান্ধীয়ে গ্ৰন্থখনত উল্লেখ কৰিছে যে ১৯৬৮ চনৰ ছেপ্টেম্বৰত তেওঁ গৰ্ভৱতী হোৱাৰ খবৰ লাভ কৰিছিল। এই খবৰে সমগ্ৰ নেহৰু-গান্ধী পৰিয়ালত আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছিল। সেই সময়ত সাধাৰণতে গম্ভীৰ স্বভাৱৰ ইন্দিৰা গান্ধীয়েও আনন্দত আত্মহাৰা হৈ পৰিছিল। ছোনিয়াক সাবটি ধৰি চুমা খাইছিল বুলি উল্লেখ কৰিছে গ্ৰন্থখনত। কিন্তু গান্ধী পৰিয়ালৰ এই আনন্দ বেছিসময় নাথাকিল। নিৰ্ধাৰিত সময়ৰ প্ৰায় দুমাহ আগতেই ছোনিয়া গান্ধীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। সন্তানটোৰ জন্ম হৈছিল ১৯৬৯ চনৰ ১৮ জানুৱাৰীত।
বেছি সময়লৈ নাথাকিল গান্ধী পৰিয়ালৰ আনন্দ
সময়ৰ আগতে জন্ম হোৱা বাবে নৱজাতকটোক চিকিৎসালয়ত ইনকিউবেটৰত ৰখা হৈছিল। ছোনিয়া গান্ধীয়ে প্ৰথমে কেঁচুৱাটোৰ কান্দোন শুনিছিল। ছোনিয়া গান্ধীৰ বৰ্ণনা অনুসৰি, কেঁচুৱাটো আকাৰত সৰু আছিল যদিও তাৰ শৰীৰৰ গঠন সম্পূৰ্ণ বিকশিত হৈছিল। তাৰ মূৰত আছিল ঘন ক’লা চুলি আৰু আঙুলিবোৰ আছিল দীঘল আৰু চিকুন। সেই প্ৰথম দেখাৰ কথা স্মৰণ কৰি ছোনিয়া গান্ধীয়ে লিখিছে যে তেওঁ আৰু ৰাজীৱ গান্ধীয়ে বহু সময় ধৰি সন্তানটোৰ মুখলৈ চাই আছিল। ৰাজীৱৰ হাতখন ছোনিয়াৰ কান্ধত আছিল। দুয়োৰে বাবে সেই মুহূৰ্তটো আছিল গভীৰ মৰম আৰু আবেগেৰে ভৰা। কিন্তু চিকিৎসকে ইতিমধ্যে শিশুটোৰ জীৱনক লৈ আশংকা প্ৰকাশ কৰিছিল।
পুৱাই আহিছিল সন্তানৰ মৃত্যুৰ খবৰ
ছোনিয়া গান্ধীৰ গ্ৰন্থখনত প্ৰকাশ পোৱা অনুসৰি, ১৯৬৯ চনৰ ১৯ জানুৱাৰীৰ পুৱা প্ৰায় ৬:৩০ বজাত ৰাজীৱ গান্ধীয়ে ছোনিয়া গান্ধীক সন্তানটোৰ মৃত্যুৰ খবৰ দিয়ে। এই খবৰ শুনি ছোনিয়া গান্ধী সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ কেঁচুৱাটো আৰু জীয়াই নাই। ছোনিয়াই লিখিছে, “আমি দুয়ো(ৰাজীৱ গান্ধী-ছোনিয়া গান্ধী) স্তম্ভিত আৰু বিধ্বস্ত হৈ পৰিছিলোঁ। আমি ইজনে সিজনক টানকৈ সাবটি ধৰিছিলোঁ। মই বৰকৈ কান্দিছিলোঁ, ৰাজীৱেও কান্দিছিল।” প্ৰথম সন্তানক হেৰুৱাৰ এই বেদনাই দুয়োৰে জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল।
সেই সময়ত ইন্দিৰা গান্ধী দিল্লীৰ বাহিৰত আছিল। নাতিৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁ নিজৰ ভ্ৰমণসূচী বাতিল কৰি চিকিৎসালয়লৈ আহিছিল। ছোনিয়া গান্ধীয়ে গ্ৰন্থখনত লিখিছে যে ইন্দিৰা গান্ধীয়ে তেওঁক সাবটি ধৰিছিল। তেওঁৰ চকু দুটা কান্দি ৰঙা আৰু ফুলি উঠিছিল। তেওঁ ছোনিয়াৰ কাষত বহু সময় বহি আছিল। নাতিৰ মৃত্যুৱে পৰিয়ালটোক গভীৰ শোকত পেলোৱাৰ লগতে শিশুটোৰ শেষকৃত্য কেনেদৰে সম্পন্ন কৰা হ’ব, সেই বিষয়েও এক কঠিন সিদ্ধান্তৰ সন্মুখীন কৰাইছিল।
নদীত বিসৰ্জনৰ বিৰোধিতা কৰিছিল ছোনিয়াই
ছোনিয়া গান্ধীৰ বৰ্ণনা অনুসৰি, সেই সময়ৰ হিন্দু পৰম্পৰা অনুযায়ী নৱজাতক শিশুক দাহ কৰাৰ পৰিৱৰ্তে নদীত বিসৰ্জন দিয়াৰ প্ৰথা আছিল। আনহাতে, খ্ৰীষ্টান আৰু পাৰ্চী কবৰস্থানত শিশুটোক সমাধিস্থ কৰাৰ ক্ষেত্ৰতো অসুবিধা হৈছিল। কিন্তু নিজৰ সন্তানটোক নদীত বিসৰ্জন দিয়াৰ কথা ভাবিবই পৰা নাছিল ছোনিয়া গান্ধীয়ে। ছোনিয়াই স্পষ্টকৈ কৈছিল যে কোনো কাৰণতে তেওঁ নিজৰ সন্তানটোক নদীত বিসৰ্জন দিবলৈ নিদিয়ে। অৱশেষত মেহৰাউলীস্থিত ফিৰোজ গান্ধীৰ ফাৰ্ম হাউচত সমাধিস্থ কৰা হৈছিল নৱজাতকক। ছোনিয়া গান্ধীৰ বৰ্ণনা অনুসৰি, ৰাজীৱ গান্ধী আৰু তেওঁৰ ভাতৃ সঞ্জয় গান্ধীয়ে নিজ হাতেৰে শিশুটোৰ বাবে এটা সৰু কবৰ খান্দিছিল। ফাৰ্ম হাউচৰ সীমাৰ বেৰৰ বাওঁফালে থকা ধুনীয়া গোলাপী ৰঙৰ বুগেইনভিলিয়া ফুলৰ জোপোহাৰ তলত শিশুটোক সমাধিস্থ কৰা হৈছিল। এই স্থান পৰিয়ালটোৰ বাবে এক বিশেষ স্মৃতিৰ ঠাই হৈ পৰিছিল। ছোনিয়া গান্ধীয়ে লিখিছে যে বহু বছৰ ধৰি যেতিয়াই তেওঁলোকে সেই ঠাইলৈ গৈছিল, তেতিয়াই শিশুটোৰ কবৰৰ ওচৰত ফুল এৰি আহিছিল।
১৯৭০ত জন্ম হৈছিল ৰাহুল গান্ধীৰ
প্ৰথম সন্তান হেৰুৱাৰ পিছত ছোনিয়া গান্ধীয়ে পুনৰ মাতৃত্বৰ আশা কৰিছিল। ১৯৬৯ চনৰ অক্টোবৰত তেওঁ পুনৰ গৰ্ভৱতী হোৱাৰ খবৰ ৰাজীৱ গান্ধীক জনায়। এইবাৰ পৰিয়ালটো আনন্দিত হৈছিল যদিও পূৰ্বৰ অভিজ্ঞতাৰ বাবে ছোনিয়া গান্ধীৰ মনত কিছু আশংকাও আছিল। অৱশেষত ১৯৭০ চনৰ ১৯ জুনত ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ ঘৰত জন্ম হয় ৰাহুল গান্ধীৰ। ছোনিয়া গান্ধীৰ গ্ৰন্থত প্ৰকাশ পোৱা এই ঘটনাই নেহৰু-গান্ধী পৰিয়ালৰ এক ব্যক্তিগত আৰু অতি বেদনাদায়ক অধ্যায়ৰ কথা পোহৰলৈ আনিছে। ৰাজনৈতিক জীৱনৰ পৰিচিত মুখ ছোনিয়া গান্ধীৰ জীৱনতো যে এনে গভীৰ ব্যক্তিগত শোক আৰু সংগ্ৰামৰ ঘটনা আছিল, সেই কথা এই স্মৃতিচাৰণে স্পষ্ট কৰি তুলিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















